/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/4ca6b084-8bec-4f48-90d5-3b11cf20a5ea/20.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ : ৰাজ্যপালৰ এক নিৰ্দেশনামৰ্মে বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ কাৰ্য্যবাহী সদস্যৰ পদ কৰ্তন কৰিছে অসম চৰকাৰৰ বড়োলেণ্ড কল্যাণ বিভাগৰ মুখ্য সচিব মুকেশ চন্দ্ৰ চাহুৱে। মুখ্য সচিব মুকেশ চন্দ্ৰ চাহু স্বাক্ষৰিত এক পত্ৰযোগে (নংE/344949/1331) শনিবাৰে কাৰ্য্যবাহী সদস্য ঘনশ্যাম দাসৰ কাৰ্যবাহী সদস্য পদ তৎকালে বলৱৎ হোৱাকৈ কৰ্তন কৰা হৈছ ৷
উল্লেখ্য যে, ঘনশ্যাম দাস সাংসদ নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টী (জিএছপি) দলৰ নিৰ্বাচিত পাৰিষদ আছিল ৷ কাৰ্যবাহী সদস্য পদ কি কাৰণত কৰ্তন কৰা হ'ল সেয়া অৱশ্যে নিৰ্দেশনাপত্ৰত উল্লেখ নাই ।
ইপিনে ঘনশ্যাম দাসৰ কাৰ্য্যবাহী সদস্যৰ পদ কৰ্তন কৰা সন্দৰ্ভত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আজি সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়- ৰাজনৈতিক স্থিতি স্পষ্ট কৰিব নোৱাৰাৰ বাবেই কাৰ্যবাহী সদস্যৰ পদ কৰ্তন কৰিবলৈ বাধ্য হ'লো।
কিছুদিন পূৰ্বে জিএছপিৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়াই ইউপিপিএলৰ সতে মিত্ৰতা নাই বুলি মন্তব্য কৰিছিল। বিষয়টোক লৈ মিত্ৰজোঁটৰ মাজত চৰ্চা লাভ কৰিছিল আৰু স্থিতি স্পষ্ট কৰিবলৈ কোৱা হৈছিল। কিন্তু তেওঁলোকৰ স্থিতি স্পষ্ট নকৰাৰ বাবে কাৰণে পদ কৰ্তন কৰিবলৈ বাধ্য হ'লো বুলি প্ৰমোদ বড়োৱে মন্তব্য কৰে।
প্ৰমোদ বড়োৱে আৰু কয় - তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে , কোকৰাঝাৰ লোকসভাৰ আসনখন জৰুৰী। ইয়াত দোদুল্যমান স্থিতি ল'লে নচলিব ।ঘনশ্যাম দাস কষ্ট কৰিব পৰা ব্যক্তি আছিল কিন্তু ৰাজনৈতিক স্থিতি স্পষ্ট কৰিব নোৱাৰাৰ বাবেই এনে সিদ্ধান্ত লবলৈ বাধ্য হ'লো। সকলোৰে পৰামৰ্শ আৰু ফিডবেক লৈ এনে সিদ্ধান্ত গ্ৰহণ কৰা গৈছে বুলিও প্ৰমোদ বড়োৱে সদৰী কৰে।
ঘনশ্যাম দাসৰ কাৰ্যবাহী সদস্য পদ কৰ্তন কৰিবলৈ বিটিচিৰ পৰা প্ৰস্তাৱ (নং BTC/ PS -AD /01/2023/19 DTD. 04/04/2024) পঠোৱা হৈছিল আৰু তাৰেই পৰিণতিত ৰাজ্যপালৰ নিৰ্দেশনাত ঘনশ্যাম দাসৰ কাৰ্যবাহী সদস্য পদ কৰ্তন কৰিলে অসম চৰকাৰৰ বড়োলেণ্ড কল্যাণ বিভাগৰ মুখ্য সচিব মুকেশ চন্দ্ৰ চাহুৱে। লোকসভা নিৰ্বাচনৰ পূৰ্বে সাংসদ নৱ কুমাৰ শৰণীয়াৰ "ইউপিপিএলৰ সতে আমাৰ মিত্ৰতা নাই " বুলি দিয়া বক্তব্যৰ বাবেই ৰাজনৈতিক কাৰণত তথা কোকৰাঝাৰ লোকসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থীৰ জয়লাভৰ স্বাৰ্থত উক্ত কঠোৰ সিদ্ধান্ত লোৱা হৈছে বুলি অনুমান কৰা হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us