লোকসভা নিৰ্বাচনৰ বাবে কেতিয়া প্ৰাৰ্থী ঘোষণা কৰিব বিপিএফে ?

লোকসভা নিৰ্বাচনৰ বাবে কেতিয়া প্ৰাৰ্থী ঘোষণা কৰিব বিপিএফে ?

author-image
Asomiya Pratidin
New Update
লোকসভা নিৰ্বাচনৰ বাবে কেতিয়া প্ৰাৰ্থী ঘোষণা কৰিব বিপিএফে ?

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ লোকসভা নিৰ্বাচনৰ ঘোষণাৰ দিন চমু চাপি অহাৰ সময়তে ৰাজনৈতিকদলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । কোকৰাঝাৰ লোকসভা সমষ্টিত দেওবাৰৰ পৰা বিপিএফ দলে বুথ পৰ্যায়ৰ সভা আৰম্ভ কৰিছে ।

Advertisment

আজি বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰৰ ৰাসমেলা পথাৰত বিপিএফৰ বুথ পৰ্যায়ৰ এক সভা অনুষ্ঠিত হয়। বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ বিভিন্ন বুথ পৰ্যায়ৰ সভাপতি , সম্পাদকসহ সহস্ৰাধিক সদস্য কৰ্মীয়ে অংশগ্ৰহণ কৰা উক্ত সভাত বিপিএফৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে লোকসভা নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা হোৱাৰ পিছতহে তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিব বুলি সদৰী কৰে ।

কোকৰাঝাৰ আৰু দৰং - ওদালগুৰি লোকসভা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দিতা কৰিব আৰু দুয়োটা সমষ্টিতে তেওঁলোকৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে মহিলাৰীয়ে । তেওঁ কয় - দুয়োটা সমষ্টিতে আমাৰ ভাল । দুয়োটা সমষ্টিত বিপিএফে জিকাৰ পিছত দুজন সাংসদৰ ভিতৰত এজনে কেন্দ্ৰীয় মন্ত্ৰীপদ পাব । ইপিনে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে অকল বিটিচিতে নহয় বিটিচিৰ বাহিৰৰ ছিপাঝাৰ , মঙলদৈ , দলগাঁও, ৰঙিয়া আদিৰ পৰাও ভোটাৰসকলে তেওঁৰ সতে যোগাযোগ কৰি আছে আৰু তেওঁ শীঘ্ৰেই সিহঁতক সময় দিব।

আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ সাংবাদিকৰ এক প্ৰশ্নত্তোৰত হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা তিনিজনে প্ৰাৰ্থী বিচাৰিছে আৰু ইয়াত কোনোবা এক নম্বৰ , কোনোবা দুই নম্বৰত আছে বুলি কোনো কথা নাই বুলি মন্তব্য কৰি সময়ত দলে প্ৰাৰ্থী সন্দৰ্ভত সিদ্ধান্ত লব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।

উল্লেখ্য যে আজিৰ বুথ পৰ্যায়ৰ সভাত এবছুৰ চাৰি গৰাকী প্ৰাক্তন সদস্যসহ ইউপিপিএলৰ ২৬ গৰাকী কৰ্মীয়ে বিপিএফত যোগদান কৰে ৷ আনহাতে আজিৰে পৰা আৰম্ভ হোৱা বিপিএফৰ বুথ পৰ্যায়ৰ সভা কোকৰাঝাৰ লোকসভা সমষ্টিত অন্ত পৰাৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে দৰং -ওদালগুৰী লোকসভা সমষ্টিতো একাদিক্ৰমে বুথ পৰ্যায়ৰ সভাত অংশগ্ৰহণ কৰিব ।

কোকৰাঝাৰ ৰাসমেলা পথাৰত অনুষ্ঠিত হোৱা বিপিএফৰ বুথ পৰ্যায়ৰ সভাত বিপিএফৰ প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, বিপিএফৰ জ্যেষ্ঠ নেতা তথা বিটিআৰৰ পাৰিষদ ক্ৰমে দেৰহাছাৎ বসুমতাৰী , দনেশ্বৰ গয়াৰীও উপস্থিত আছিল ।

Also Read: শিক্ষক কৈলাশ দিজু স্বৰ্গীয়াৰীৰ বিয়োগ...

bpf