বাসুগাঁৱত বিপিএফৰ জিলা বেঙ্গলী কোষৰ কাৰ্যকৰী সভা

বাসুগাঁৱত বিপিএফৰ জিলা বেঙ্গলী কোষৰ কাৰ্যকৰী সভা

ডিজিটেল সংবাদ, চিৰাং : আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য ৰাখিয়েই বিপিএফ দলে সাংগঠনিক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে । বিপিএফ দলে যুৱ কোষ, মহিলা কোষৰ উপৰি বিভিন্ন জাতি-জনগোষ্ঠী ভিত্তিত পৃথক পৃথক কোষ গঠন কৰি দলীয় কাম-কাজ চলাই থকা পৰিলক্ষিত হৈছে । চিদলী বিধানসভা সমষ্টিৰ বাসুগাঁৱত বুধবাৰে চিৰাং জিলা বিপিএফ বেঙ্গলী কোষৰ এখন কাৰ্য্যকৰী সভা অনুষ্ঠিত হয় ।

বাসুগাঁও চহৰৰ সুন্দৰবন ৰিৰ্ছটৰ প্ৰেক্ষাগৃহত জিলা বেঙ্গলী কোষৰ সভাপতি আশীষ দেৱনাথৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্য্যকৰী সভাত উপস্থিত থাকে বিপিএফ দলৰ বেঙ্গলী কোষৰ কেন্দ্ৰীয় সভাপতি প্ৰবীৰ স্যান্যাল, বিপিএফ ৰ কেন্দ্ৰীয় উপসভাপতি শুদ্ধ বসুমতাৰী, বিপিএফ ৰ সকলো কোষৰ আহ্বায়ক কাষ্টম বসুমতাৰী, প্ৰদীপ দত্ত, জিলা বিপিএফ ৰ সভাপতি জেমচ বসুমতাৰী, পাৰিষদ পানীৰাম ব্ৰহ্ম, জিলা সম্পাদক ছাহানুৰ ৰহমান আদি কৰি বহু দলীয় নেতা।

দুই শতাধিক দলীয় নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰা আজিৰ কাৰ্য্যকৰী সভাত বেঙ্গলী কোষৰ কেন্দ্ৰীয় সভাপতি প্ৰবীৰ স্যান্যালে ভাষনত আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফ দলৰ আদৰ্শ আৰু জনকল্যাণমূলক নীতি সাধাৰণ ভোটাৰ ৰাইজৰ মাজত গৈ কিদৰে কাম কৰিব লাগিব তাৰ ওপৰত বিশেষ ভাৱে গুৰুত্বাৰোপ কৰি কাম কৰিব লাগিব বুলি উল্লেখ কৰে । পৰিবৰ্তনৰ কথা কৈ বিটিচিৰ শাসনভাৰ লাভ কৰা প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিচি প্ৰশাসন যে সম্পূৰ্ণ বিফল হৈছে এই বাৰ্তা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ কৰিবলৈ দলীয় কৰ্মী সকলক পৰামৰ্শ আগবঢ়োৱা হয় ।

জিলা বিপিএফ সভাপতি তথা পাৰিষদ জেমচ বসুমতাৰীয়ে ভাষনত বিপিএফ দলৰ শাসনকালত বিটিচি এলেকাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয় লোক সকলৰ উন্নয়নৰ হকে যি ধৰনে কাম কৰিছিল তাৰ বিপৰীতে বৰ্তমানৰ প্ৰমোদ বড়োৰ চৰকাৰ খনে কাম কৰিবলৈ ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰে । বিটিচি অঞ্চলৰ ৰাইজে এতিয়া ভালদৰে বুজি উঠিছে যে প্ৰমোদ বড়োৰ চৰকাৰ খনে ৰাইজৰ হকে একো উন্নয়নমূলক কাম কৰিবলৈ সক্ষম হোৱা নাই ।

যাৰ কাৰণে এতিয়া বিটিচি অঞ্চলৰ ৰাইজে বিটিচিত পুনৰ হাগ্ৰামা মহিলাৰীকে বিচাৰি আছে । তাৰ ডাঙৰ উদাহৰণ হৈছে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এতিয়া বিটিচি এলেকাৰ যিকোনো ঠাইত সভা সমিতি অনুষ্ঠিত কৰিলে ৰাইজে বিভিন্ন বাধা বিপত্তি নেওচিও হাগ্ৰামা মহিলাৰীৰ সভাত যোগদান কৰে ।

সভাত বিপিএফৰ উপ সভাপতি শুদ্ধ বসুমতাৰীয়ে কয় যে বৰ্তমানৰ প্ৰমোদ বড়োৰ চৰকাৰ খনৰ কামকাজৰ প্ৰতি যে সাধাৰণ ৰাইজ অসন্তুষ্ট হৈছে সেয়া বিভিন্ন মেল মিটিঙত গৈ ৰাইজৰ সৈতে মত বিনিময় কৰি আমি উপলব্ধি কৰিছো । যি বিপিএফ দলৰ বাৱে এক শুভ লক্ষণ বুলি উল্লেখ কৰে । যাৰ কাৰণে বিপিএফ দলৰ উত্তৰোত্তৰ উন্নতিৰ হকে সকলো কোষে নিজ নিজ জাতি-জনগোষ্ঠীয় লোক সকলৰ কাষ চাপি কাম কৰি যাবলৈ দলীয় কৰ্মী সকলক আহ্বান জনায় ।

বাসুগাঁৱত বিপিএফৰ জিলা বেঙ্গলী কোষৰ কাৰ্যকৰী সভা
'কাজিৰঙা- দ্যা ক্ৰেডেল অফ বায়ডাইভাৰ্চিটি' উন্মোচন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in