/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/5d2eafb4-e4fa-4ccc-8dfd-1e921ebd259a/1.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰৰ কাউলীত মঙলবাৰে ৪ নং দৰং ওদালগুৰি লোকসভা সমষ্টিৰ নাগ্ৰিজুলী ব্লক বিপিএফৰ নিৰ্বাচনী পৰিচালনা কমিটিৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হয় ।
প্ৰাক্তন বিপিএফ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে দলীয় সমৰ্থকক লৈ আনুষ্ঠানিকভাৱে নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয়ৰ উদ্বোধন কৰি দলীয় কৰ্মকৰ্তাৰে এক সভাত মিলিত হয়। চন্দন ব্ৰহ্মই ইউপিপিএলত যোগদান কৰি ভুল কৰিলে বুলি মন্তব্য প্ৰকাশ কৰে। প্ৰমোদ বড়ো আৰু চন্দন ব্ৰহ্মৰ প্ৰসংগৰ আঁত ধৰি আন কেইবাটা বিষয়ৰ ওপৰতো তাৎপৰ্যপূৰ্ণ মন্ত্যৱ ইমানুৱেল মুছাহাৰীৰ। আজিৰ অনুষ্ঠানত ব্লক সভাপতি যতীন চৰকাৰ বিপিএফৰ নিতা মৃণাল বিশ্বাস সমাজকৰ্মী উপেন চেত্ৰী প্ৰমুখ্যে দলীয় সতীৰ্থসকল উপস্থিত থাকে ।
Also Read: বন্ধুৱে মাতি নিছিল ঘৰৰ পৰা, ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ মৃতদেহ