চৰকাৰী শিক্ষকৰ বিৰুদ্ধে নিৰ্বাচন আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন বিপিএফৰ

চৰকাৰী শিক্ষকৰ বিৰুদ্ধে নিৰ্বাচন আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন বিপিএফৰ

ডিজিটেল সংবাদ,চিৰাং : চৰকাৰী শিক্ষকৰ বিৰুদ্ধে নিৰ্বাচন আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে বিপিএফ দলে। বুধবাৰে কাজলগাঁৱত ইউপিপিএল তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত উলিওৱা হৈছিল মটৰচাইকেল সমদল।

এই সমদলত অংশ লোৱা চৰকাৰী বিদ্যালয়ৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে দেশৰ নিৰ্বাচন আয়োগৰ দ্বাৰা বলৱৎ কৰা নিৰ্বাচনী আচৰণ বিধি উলঙ্ঘা কৰিছে বুলি চিৰাং জিলা নিৰ্বাচনী বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে বিৰোধী দল বিপিএফে। অভিযোগ পত্ৰখনত উল্লেখ কৰা হৈছে যে, দেশৰ নিৰ্বাচন আয়োগৰ দ্বাৰা বলবৎ কৰা নিৰ্বাচনী আচৰণ বিধি অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে কোনো ৰাজনৈতিক দলৰ হৈ কোনো ধৰণৰ নিৰ্বাচন প্ৰচাৰ বা সভাত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব নোৱাৰিব।

কিন্তু চিৰাং জিলাৰ চিদলী শিক্ষাখণ্ডৰ অন্তৰ্গত ১ নং বাটাবাৰী এল পি স্কুলৰ সহকাৰী শিক্ষক টেবাশ্রৌন ব্ৰহ্মই নিৰ্বাচন আয়োগৰ নীতি নিয়ম উলংঘা কৰি ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএল তথা এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ মটৰচাইকেল সমদল কাৰ্য্যসূচীত মুকলিকৈ অংশগ্ৰহণ কৰিছে । এই সমগ্ৰ ঘটনাৰ প্ৰমাণ হিচাপে পত্ৰৰ সৈতে কিছু স্থিৰচিত্ৰ গাঁথি দিছে বুলি অভিযোগকাৰী বিপিএফ দলৰ নেতা ৰিংদাউ গয়াৰীয়ে সদৰী কৰে।

আজি নিৰ্বাচনী আচৰণ বিধি উলঙ্ঘন কৰা চৰকাৰী শিক্ষক টেবাশ্রৌন ব্ৰহ্মৰ বিৰুদ্ধে চিৰাঙৰ জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে । বাতৰি যুগুত কৰাপৰ্যন্ত চিৰাং জিলাৰ নিৰ্বাচন আচৰণ বিধি পৰ্যালোচনা সমিতিয়ে এই অভিযোগৰ বিষয়টো বিভাগীয়ভাৱে চালিজাৰি থকা হৈছে কিন্তু তাৎক্ষণিকভাৱে কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে ।

চৰকাৰী শিক্ষকৰ বিৰুদ্ধে নিৰ্বাচন আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন বিপিএফৰ
অতিৰিক্ত আয়ুক্ত মানস কুমাৰ শইকীয়াক দৰঙৰ নতুন নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in