/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/eb98a0c1-cd96-45cf-b7af-fdc062889923/4.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত পোণপ্ৰথমবাৰৰ বাবে অৱশেষত উপস্থিত হ'ল ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যাৰ্পণ পৰিষদ চমুকৈ "নাক"ৰ পৰিদৰ্শনকাৰী দল। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক বৰ্খাস্তৰ দাবীত এবছুকে ধৰি বিভিন্ন দ'ল -সংগঠনৰ প্ৰতিবাদৰ সময়ছোৱাত অৰ্থাৎ যোৱা ১৬, ১৭ আৰু ১৮ অক্টোবৰত "নাক"ৰ পৰিদৰ্শনকাৰী দল এটাই বড়োলেণ্ড বিশ্ববিদ্যালয় পৰিদৰ্শন কৰা কথা আছিল আৰু যাৰ পৰিণতিতে এবছুৱে আন্দোলন সাময়িকভাৱে স্থগিত কৰিছিল যদিও কোনো অজ্ঞাত কাৰণত পৰিদৰ্শনকাৰী দলটো অহা নাছিল। এই সন্দৰ্ভত এবছুৱে ক্ষোভ প্ৰকাশো কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/319c009d-da00-40d1-b9d0-524115cc2706/79746b37_bafb_4ba4_b61b_6d075e4f45fe.jpg)
অৱশেষত বৃহস্পতিবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ত চত্তিশগড়ৰ গুৰু ঘাছিদাস কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আলোক কুমাৰ চক্ৰৱালৰ নেতৃত্বত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যাৰ্পণ পৰিষদ চমুকৈ "নাক"ৰ পৰিদৰ্শনকাৰী দল এটা উপস্থিত হয়। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনস্থ "নাক"ৰ পৰিদৰ্শনকাৰী দলটোক আদৰণি জনায় বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য উইলচন হাসদাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/4562e32a-c1e7-458f-b474-ada5bd89afe1/2117a266_f46d_4e51_b88b_b3f54805bd9c.jpg)
গুৰু ঘাছিদাস কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আলোক কুমাৰ চক্ৰৱালৰ নেতৃত্বত অহা "নাক"ৰ পৰিদৰ্শনকাৰী দলটোত থকা অইন সদস্যসকল হৈছে শশীকান্ত দাস, দেৱেশ নিগম, ড° প্ৰবীন বিএম আৰু ৰামকৃষ্ণ চিন্থালিয়া। উল্লেখ্য যে "নাক"ৰ দলটো বৃহস্পতিবাৰে আৰু শুকুৰবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0ee8b4c2-aec8-42e3-8ee8-c4dc390ed086/9ab4ac39_c91f_4338_9387_ce2ad270207f.jpg)
Also Read: মূলসুঁতিলৈ ঘূৰি অহা ২টাকৈ সশস্ত্ৰ সংগঠনৰ সদস্যক গাইগৰু আৰু চিলাই মেচিন বিতৰণ