বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবীঃ উত্তপ্ত বিটিআৰৰ ৫ জিলা

বিটিআৰৰ ৫ জিলাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু ৰাজভৱনৰ ৫কৰ্মচাৰীৰ পুত্তলিকা দাহ কাৰ্যসূচী...
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবীঃ উত্তপ্ত বিটিআৰৰ ৫ জিলা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে এবছুৱে। শুকুৰবাৰে কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে বিস্ফোৰক অভিযোগ আনি কয় যে- প্ৰকৃততে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক ৰাজভৱনে সুৰক্ষা দিছে। এগৰাকী উপাচাৰ্যক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে সমগ্ৰ ৰাজভৱন নামি পৰিছে আৰু সংবিধান বিৰোধী কাৰ্যত লিপ্ত হৈছে ৰাজভৱন।

ৰাজ্যপালৰ উপদেষ্টা মিহিৰকান্তি চৌধুৰীৰ সহিতে ৰাজভৱনৰ ৫গৰাকী কৰ্মচাৰীৰ নেতৃত্বতে উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক সুৰক্ষা দি থকা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি দ্বীপেন বড়োৱে কয় যে- উপাচাৰ্যগৰাকীক অপসাৰণৰ দাবীত শনিবাৰে অৰ্থাৎ ৩০ ছেপ্টেম্বৰত বিটিআৰৰ ৫জিলা সদৰত উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙ আৰু ৰাজভৱনৰ ৫গৰাকী কৰ্মচাৰীৰ পুত্তলিকা দাহ কৰা হ'ব । তদুপৰি অহা ৩, ৪, ৫ আৰু ৬ অক্টোবৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবীত এবছুৱে অনুষ্ঠিত কৰিব গণ আন্দোলন। প্ৰয়োজন সাপেক্ষে বড়োলেণ্ড বিশ্ববিদ্যালয় বন্ধ ঘোষণা কৰা হ'ব বুলিও হুমকি দিয়ে এবছুৱে ।

এমাহজোৰা আন্দোলনৰ বাবে প্ৰস্তুত এবছু আৰু বড়োলেণ্ড বিশ্ববিদ্যালয় বচোৱাৰ স্বাৰ্থত প্ৰয়োজন সাপেক্ষে জে'ললৈ যাবলৈও সাজু বুলি মন্তব্য কৰি বিষয়টোক লৈ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰেৰণ কৰা হ'ব বুলিও মত পোষণ কৰে এবছুৰ সদস্যই। ৰাজভৱনে যি কাৰ্য কৰিছে তাৰ প্ৰভাৱ ৰাজনৈতিক, সামাজিক আৰু শৈক্ষিকভাৱে পৰিব বুলি তাপপৰ্যপূৰ্ণ মন্তব্য কৰি দ্বীপেন বড়োৱে লগতে কয় যে- এগৰাকী দুৰ্নীতিপৰায়ন উপাচাৰ্যক বচাবলৈ ৰাজভৱনে উঠি পৰি লগা বিষয়টো আশ্চৰ্যকৰ আৰু সংবিধানৰ ৰক্ষক ৰাজভৱনে নিজেই সংবিধান ভঙ্গ কৰিছে ।

উল্লেখ্য যে, বিগত প্ৰায় ৬ মাহৰো অধিক সময় ধৰি উপাচাৰ্যগৰাকীক অপসাৰণ কৰিবলৈ দাবী জনাই আহিছে এবছুৱে। উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ থকাৰ বাবেই তেওঁক অপসাৰণৰ দাবী জনাই সংগঠনটোৱে। বিগত সময়চোৱাত উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষে দুৰ্নীতিত লিপ্ত হোৱাৰ তথ্য প্ৰকাশ কৰাৰ পাছতো তেওঁক অপসাৰণ নকৰাত ক্ষোভ প্ৰকাশ এবছুৰ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবীঃ উত্তপ্ত বিটিআৰৰ ৫ জিলা
বিশ্ব পাঞ্জা প্ৰতিযোগিতাঃ ভাৰতৰ হৈ অসমৰ খেলুৱৈৰ পদক অৰ্জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in