বজালী আৰক্ষীৰ বৃহৎ সফলতা

বজালী আৰক্ষীৰ বৃহৎ সফলতা

author-image
Asomiya Pratidin
New Update
বজালী আৰক্ষীৰ বৃহৎ সফলতা

ডিজিটেল সংবাদ, বজালীঃ পাঠশালাত এটিএমৰ পৰা ধন চুৰি কৰা তিনি গভাইত চোৰক কৰায়ত্ব কৰে বজালী আৰক্ষীয়ে । এটিএমৰ ওচৰত ছদ্মবেশত জাল পেলাই আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হল তিনি গভাইত চোৰক ।

Advertisment

উল্লেখযোগ্য যে যোৱা ১৪ মাৰ্চত বজালীৰ লক্ষেশ্বৰ তালুকদাৰ নামৰ এজন বয়োজেষ্ঠ লোকৰ পৰা এটিএমৰ পিন সলাই ৫১হাজাৰ টকা চুৰি কৰি নিছিল এই গভাইত চোৰকেইটাই । ইয়াৰ পিছতে ভুক্তভোগীয়ে আৰক্ষীক গোচৰ দিয়াৰ পিছতেই আৰক্ষীয়ে এটিএমত জেষ্ঠ লোকৰ আঁৰত ছদ্মবেশত আৰক্ষী নিয়োগ কৰিছিল আৰু দেওবাৰে আন এজন লোকক তেনেদৰে চক্ৰটোৱে লক্ষ্য কৰি লওঁতেই আৰক্ষীৰ হাতত ধৰা পৰে চোৰ তিনিটা ।

আৰক্ষীয়ে চোৰ তিনিটাৰ পৰা নগদ ধন, কেবাখনো এটিএম কাৰ্ড, আৰু তিনিটা মোবাইল ফোন জব্দ কৰে। ধৃত চোৰ তিনিটা হৈছে আচিফ ইকবাল খান, ছাহিল আহমেদ আৰু নুৰুদ্দিন খান । এই চোৰ তিনিটাৰ আঁতধৰি গোটেই চোৰৰ চক্ৰটো উৎখাত কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Also Read: লোকসভা নিৰ্বাচন: বাক্সা জিলাত ভোটাৰৰ সংখ্যা ৮,০৬,৫১৮ গৰাকী

bajali