নীতি আয়োগৰ জৰীপঃ কেন্দ্ৰৰ ৬৬ টা মন্ত্ৰণালয়ৰ ভিতৰত সোণৱালৰ মন্ত্ৰণালয়ে পালে দ্বিতীয় স্থান...

নীতি আয়োগৰ জৰীপঃ কেন্দ্ৰৰ ৬৬ টা মন্ত্ৰণালয়ৰ ভিতৰত সোণৱালৰ মন্ত্ৰণালয়ে পালে দ্বিতীয় স্থান...
নীতি আয়োগৰ জৰীপঃ কেন্দ্ৰৰ ৬৬ টা মন্ত্ৰণালয়ৰ ভিতৰত সোণৱালৰ মন্ত্ৰণালয়ে পালে দ্বিতীয় স্থান...

ডিজিটেল সংবাদ নতুন দিল্লীঃ নীতি আয়োগৰ অধীনস্থ উন্নয়ন নিৰীক্ষণ আৰু মূল্যায়ন কাৰ্যালয়ৰ দ্বাৰা সদ্যঘোষিত তথ্য প্রশাসন গুণগত মান সূচকৰ প্ৰতিবেদনৰ ফলাফলত দ্বিতীয় স্থান লাভ কৰাৰ বাবে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ বৃহৎ পৰিয়ালটোক আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে। বিত্তীয় বৰ্ষ ২০২২-২৩ৰ ত্ৰিমাসিক মূল্যায়ন অনুসৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ৫ৰ ভিতৰত ৪.৭ নম্বৰ লাভ কৰিছে।

ভাৰতক আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত মন্ত্ৰালয়টোৰ দায়বদ্ধতা আৰু ইয়াৰ ভূমিকাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আজি আলোকপাত কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে কয়, "২০৪৭ চনৰ ভিতৰত ভাৰতক এখন আত্মনিৰ্ভৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে যাৱতীয় প্রকল্পসমূহ ৰূপায়ণ কৰা আৰু মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ দৃষ্টিভংগী প্ৰাপ্ত কৰাৰ দিশত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ এয়া এক উল্লেখযোগ্য কৃতিত্ব।

এই স্বীকৃতি সম্ভৱ হৈছে মন্ত্ৰালয়ৰ অধীনৰ সকলো কাৰ্যালয়ৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীৰ অদম্য পৰিশ্ৰম, মনোবল, দৃঢ়তা, প্রবল ইচ্ছাশক্তি আৰু কৰ্মস্পৃহাৰ বাবে। এই অমৃতকালৰ সময়ত নতুন ভাৰত গঢ়ি তোলাৰ দিশত মনোনিৱেশ আৰু প্ৰতিশ্ৰুতিবদ্ধ হৈ থকাৰ যাত্ৰাত এয়া আমাৰ বাবে এক অনন্য প্রাপ্তি। সদ্যঘোষিত প্রতিবেদনখনে আমাৰ আকাংক্ষিত লক্ষ্য প্রাপ্ত কৰাৰ দিশত চৰকাৰী নীতি, আঁচনি আৰু কাৰ্যসূচী ৰূপায়ণৰ পৰিকাঠামো উন্নত কৰাৰ বাবে গুৰুত্বপূৰ্ণ উৎসাহ প্রদান কৰিছে।"

লগতে সৰ্বানন্দ সোণোৱালে কয়, "এই সফলতাই আমাক উন্নতিৰ ক্ষেত্ৰসমূহ সঠিকভাৱে চিনাক্ত কৰিবলৈ অধিক সক্ষম কৰিব। তথ্য-চালিত সিদ্ধান্ত গ্ৰহণৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি ভাৰতৰ জনসাধাৰণৰ কল্যাণৰ দিশত এক কাৰ্যকৰী প্ৰমাণ হিচাপে প্ৰতিফলিত হৈছে।

উন্নয়নৰ নতুন শিখৰত উপনীত হ'বলৈ এই তথ্য-প্ৰযুক্তিৰ যুগত আমাৰ মন্ত্ৰালয়ৰ নিৰলস প্ৰচেষ্টা আৰু দক্ষতা উন্নত কৰি দৃঢ়ভাৱে এখন শক্তিশালী ভাৰত গঢ়াৰ যাত্ৰাত অগ্ৰসৰ হৈছোঁ। এইক্ষেত্ৰত আমি মন্ত্ৰালয়টোৱে এটা টীম হিচাপে কাম কৰি আছোঁ।

আমাৰ মন্ত্ৰালয়ে মোডী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বহু গুৰুত্বপূৰ্ণ প্ৰকল্প আৰু কাম-কাজ ৰূপায়ণেৰে উন্নয়নৰ যাত্ৰাক গতিশীলতা প্রদান কৰিছে। দেশৰ উন্নয়নৰ নৱজাগৰণৰ যাত্ৰাত সমৰ্পিত হৈ কাম কৰি যাবলৈ আৰু কৰ্মসংস্কৃতিৰ মাজেৰে সফলতাৰ ন কাহিনী ৰচিবলৈ আমি বদ্ধপৰিকৰ।"

এই ডিজিকিউআই মূল্যায়নত আই আই টি মাদ্ৰাছ আৰু ৰাষ্ট্ৰীয় বন্দৰ, জলপথ আৰু উপকূল ৰাষ্ট্ৰীয় কেন্দ্ৰৰ সমন্বিতভাৱে সহায় কৰিছে। লক্ষণীয়ভাৱে, সাগৰমালাৰ অধীনত ৰাষ্ট্ৰীয় বন্দৰ, জলপথ আৰু উপকূল ৰাষ্ট্ৰীয় কেন্দ্ৰক কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰদ্বাৰা মন্ত্ৰালয়ৰ এক প্ৰযুক্তি শাখা হিচাপে বিকশিত কৰা হৈছে।

নীতি আয়োগৰ জৰীপঃ কেন্দ্ৰৰ ৬৬ টা মন্ত্ৰণালয়ৰ ভিতৰত সোণৱালৰ মন্ত্ৰণালয়ে পালে দ্বিতীয় স্থান...
ডাঃ সৰিতা তছনিৱালৰ হত্যাকাৰীৰ শাস্তি ঘোষণা ন্যায়ালয়ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in