কংগ্ৰেছ সাংসদৰ ঘৰত জব্দ ২০০ কোটিৰো অধিক ধন, কোকৰাঝাৰত বিজেপিৰ প্ৰতিবাদ

২০০কোটিৰো অধিক টকা উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰতো কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি ৷

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছ সাংসদৰ ঘৰত জব্দ ২০০ কোটিৰো অধিক ধন, কোকৰাঝাৰত বিজেপিৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ঝাৰখণ্ডৰ কংগ্ৰেছৰ সাংসদ ধীৰজ চাওৰ বাসগৃহত ২০০কোটিৰো অধিক টকা উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰতো কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি ৷ শনিবাৰে জিলা বিজেপিয়ে ঝাৰখণ্ডৰ কংগ্ৰেছ সাংসদ ধীৰজ চাওৰ দুৰ্নীতিৰ বিৰুদ্ধে কোকৰাঝাৰতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

কোকৰাঝাৰ জিলা বিজেপি কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত বিজেপিকৰ্মীয়ে হাতে হাতে বেনাৰ-ফেষ্টুন-প্লেকাৰ্ড লৈ কংগ্ৰেছ মুৰ্দাবাদ, ছোনীয়া গান্ধী হায় হায়, ৰাহুল গান্ধী মুৰ্দাবাদ, ভ্ৰষ্টাচাৰী কংগ্ৰেছ মুৰ্দাবাদ, দুখীয়াৰ ধন আত্মসাৎ কৰা নচলিব আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত বিটিআৰৰ পাৰিষদ তথা কোকৰাঝাৰ জিলা বিজেপিৰ উপ সভাপতি সজল সিংহ, বিজেপি পাৰিষদ ৰাজীৱ কুমাৰ ব্ৰহ্ম, বিজেপিৰ জিলা সাধাৰণ সম্পাদক অনিৰ্বান দাস আৰ বিজেপিৰ জেষ্ঠ্য নেতা সন্তোষ তৰফদাকৰে ধৰি কেইবাগৰাকী বিজেপি নেতাই অংশগ্ৰহণ কৰে ।

প্ৰতিবাদী কাৰ্যসূচীৰ পিছত বিটিআৰৰ পাৰিষদ তথা কোকৰাঝাৰ জিলা বিজেপিৰ উপ-সভাপতি সজল সিংহ আৰু বিজেপিৰ জিলা সাধাৰণ সম্পাদক অনিৰ্বান দাসে আগন্তুক ২০২৪ চনত কংগ্ৰেছ মুক্ত ভাৰত গঢ়াৰ সংকল্প বিজেপিয়ে লৈছে বুলি মন্তব্য কৰে ৷ এগৰাকী সাংসদৰ ঘৰত ২০০ - ৩০০ কোটি টকা উদ্ধাৰ হোৱাটো সৰু কথা নহয় বুলি উল্লেখ কৰি নেতাদ্বয়ে কংগ্ৰেছ দলটো দূৰ্নীতি -ভ্ৰষ্টাচাৰৰ দলত পৰিণত হৈছে বুলি মন্তব্য কৰিছে। অসমৰ কংগ্ৰেছ সাংসদ -বিধায়কসকলৰ বিৰুদ্ধেও তদন্ত হ'ব লাগে বুলি মন্তব্য কৰিছে কোকৰাঝাৰ জিলা বিজেপিয়ে।

Also Read: ''পূৰ্বে যিয়ে প্ৰাপ্যৰ পৰা বঞ্চিত হৈছিল সেই সকলক এতিয়া মোডীয়ে চোৱা-চিতা কৰে, পূজা কৰে''

bjp congress protest