BPF য়ে ঠিকাদাৰৰ পৰাহে ভোট পাব, BTRত এতিয়া বড়ো-অবড়ো নাই : ৰণজিৎ কুমাৰ দাস

মুছলপুৰৰ অহোপাত বিজেপিৰ দলীয় সভাত অংশগ্ৰহণ মন্ত্ৰী দাসৰ
BPF য়ে ঠিকাদাৰৰ পৰাহে ভোট পাব, BTRত এতিয়া বড়ো-অবড়ো নাই : ৰণজিৎ কুমাৰ দাস
BPF য়ে ঠিকাদাৰৰ পৰাহে ভোট পাব, BTRত এতিয়া বড়ো-অবড়ো নাই : ৰণজিৎ কুমাৰ দাস

ডিজিটেল সংবাদ বাক্সাঃ বাক্সা জিলাৰ সদৰ মুছলপুৰৰ ওচৰৰ অহোপাত এক দলীয় সভাত অংশ লৈ কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসমৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ তেওঁ কয় যে, বি টি আৰত এতিয়া বড়ো-অবড়োৰ সংঘাত নাই। সাংসদ নৱ কুমাৰ শৰণীয়াই সাংসদ হোৱাৰ সময়ত বি টি আৰত নাছিল বিজেপিৰ ভেঁটি।কান্দিলে চকুলো মচা মানুহ নাছিল বিজেপিৰ। এতিয়া বি টি আৰত বিজেপিৰ ভেঁটি মজবুট হৈছে। ইয়াৰ ৰাইজে এতিয়া বড়ো-অবড়ো ৰাজনীতি নকৰে। সেয়ে সাংসদ নৱ কুমাৰ শৰণীয়াৰ ভোটবেংক নাই কোকৰাঝাৰ লোকসভা সমষ্টিত।

বি টি আৰত বিজেপি মিত্ৰজোঁটৰ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত শান্তি প্ৰতিষ্ঠা হোৱা বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। লগতে সমাগত লোকসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়েই জয়ী হ'ব বুলি মন্তব্য কৰি বি পি এফক কেৱল হাগ্ৰামা মহিলাৰীৰ কাৰ্যকালৰ ঠিকাদাৰ বা দালালসকলেহে ভোট দিব বুলি কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।

ইফালে কংগ্ৰেছ-এ আই ইউ ডি এফ বাৰিষাৰ ভেকুলী, বাৰিষা আহিলে যিদৰে টোৰটৰাই তেনেদৰে নিৰ্বাচন আহিলে কংগ্ৰেছ এ আই ইউ ডি এফ ওলাই আহে বুলি কয় মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, আজি বাক্সা জিলাৰ অহোপাত অনুষ্ঠিত বাক্সা বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপৰিও বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাস আৰু বিজেপিৰ বাক্সা জিলাৰ নেতা-কৰ্মী উপস্থিত থাকে।

BPF য়ে ঠিকাদাৰৰ পৰাহে ভোট পাব, BTRত এতিয়া বড়ো-অবড়ো নাই : ৰণজিৎ কুমাৰ দাস
প্ৰথম পৰ্যায়ৰ মনোনয়ন পৰীক্ষণ সম্পূৰ্ণঃ দুজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in