প্ৰথম পৰ্যায়ৰ মনোনয়ন পৰীক্ষণ সম্পূৰ্ণঃ দুজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল...

৩৬ খন মনোনয়ন পত্ৰ বৈধ ঘোষণা
প্ৰথম পৰ্যায়ৰ মনোনয়ন পৰীক্ষণ সম্পূৰ্ণঃ দুজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল...
প্ৰথম পৰ্যায়ৰ মনোনয়ন পৰীক্ষণ সম্পূৰ্ণঃ দুজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল...

ডিজিটেল ডেস্কঃ ২০২৪ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তত বৃহস্পতিবাৰে মনোনয়ন পত্ৰসমূহ পুনৰীক্ষণ হয়। এই পুনৰীক্ষণত অসমৰ দুজনকৈ প্ৰাৰ্থীৰ মনোননয়ন পত্ৰ বাতিল কৰা হৈছে। এই প্ৰাৰ্থী দুজনৰ এজন কাজিৰঙা লোকসভা সমষ্টিৰ আৰু আনজন শোণিতপুৰ লোকসভা সমষ্টিৰ।

উল্লেখ্য যে, প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি কেইটাৰ বাবে মুঠ ৩৮ জনকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিলে। ইয়াৰে দুজনৰ মনোনয়ন পত্ৰ বাতিল হোৱাত ৩৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ হিচাপে বিবেচিত হৈছে।

মনোনয়ন পত্ৰ বাতিল হোৱা প্ৰাৰ্থী দুগৰাকী ক্ৰমে কাজিৰঙা লোকসভা সমষ্টিৰ ৰিপাব্লিকান পার্টী অব ইণ্ডিয়া (আঠৱালে) দলৰ ফজেইল আহমেদ মজুমদাৰ আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ মহেন্দ্ৰ ওৰাং। কাজিৰঙা লোকসভা সমষ্টিত মুঠ ১১ গৰাকী, শোণিতপুৰ লোকসভা সমষ্টিত ৮ গৰাকী, লখিমপুৰ লোকসভা সমষ্টিত ৯ গৰাকী, ডিব্ৰুগড় লোকসভা সমষ্টিত ৩ গৰাকী আৰু যোৰহাট লোকসভা সমষ্টিত ৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হৈছে।

ইয়াৰে কাজিৰঙাত কংগ্ৰেছ তথা বিৰোধী মিত্ৰজোঁটৰ ৰ'জলীনা তীৰ্কি, বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা, শোণিতপুৰত বিজেপিৰ ৰঞ্জিত দত্ত, কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু, আপৰ ঋষিৰাজ কৌণ্ডিন্য, লখিমপুৰত বিজেপিৰ প্ৰদান বৰুৱা, কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা, ডিব্ৰুগড়ত বিজেপিৰ সৰ্বানন্দ সোণোৱাল, এ জে পি তথা বিৰোধী মিত্ৰজোঁটৰ লুৰীণজ্যোতি গগৈ, আপৰ মনোজ ধানোৱাৰ, যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈ, বিজেপিৰ তপন কুমাৰ গগৈৰ দৰে হেভিৱেইট নেটাই মনোনয়ন দাখিল কৰিলে।

উল্লেখ্য, প্ৰথম পৰ্যায়ৰ মনোয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৩০ মাৰ্চ। এই পৰ্যন্ত অৱশ্যে কোনো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰৰ খবৰ লাভ কৰা নাই। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ১৯ এপ্ৰিলত। দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ভোটগ্ৰহণ হ'ব দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত। এই পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন ৪ এপ্ৰিল।

তৃতীয় তথা অসমৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ হ'ব ৭ মে'ত। এই পৰ্যায়নত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী সমষ্টিত। ইয়াৰ বাবে মনোনয়ম দাখিলৰ অন্তিম তাৰিখ ১৯ এপ্ৰিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in