'অসমীয়া প্ৰতিদিন'ৰ কৰ্মৰত সাংবাদিক দিলীপ শৰ্মা আৰু নাই, ৪৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ...

'অসমীয়া প্ৰতিদিন'ৰ কৰ্মৰত সাংবাদিক দিলীপ শৰ্মা আৰু নাই, ৪৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ...

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিন কাকতৰ কৰ্মৰত সাংবাদিক দিলীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি। শুকুৰবাৰে বিয়লি ৫.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

১৯৯৯ চনত অসমীয়া প্ৰতিদিনত আৰ্হি পাঠক হিচাপে যোগদান কৰিছিল দিলীপ শৰ্মাই। নিষ্ঠা আৰু সততাৰে নিজ কৰ্তব্য কৰি যোৱা দিলীপ শৰ্মাই যোৱা ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা শাৰীৰিক অসুস্থতাত ভুগি আছিল যদিও চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয় । তাৰ পিচতে চিকিৎসাধীন হয়।

চিকিৎসাধীন অৱস্থাতেই আজি তেওঁ গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৯ বছৰ। হাঁহিমুখীয়া আৰু সৰবৰহী দিলীপ শৰ্মা ছয়গাঁৱৰ নিকটৱৰ্তী চণ্ডিকা নোৱাপাৰাৰ চিদানন্দ শৰ্মা আৰু গিৰিবালা দেৱীৰ তৃতীয় সন্তান আছিল।

মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃ, জ্যেষ্ঠ ভাতৃ-ভগ্নী, বৌৱেক, পৰিবাৰ, একমাত্ৰ কন্যাসহ অনেক ইষ্ট-কুটুম্বক ইহ সংসাৰত এৰি যায়। তেওঁৰ মৃত্যুত জন্মস্থান ছয়গাঁৱৰ লগতে কৰ্মস্থান অসমীয়া প্ৰতিদিন পৰিয়ালতো গভীৰ শোকৰ ছাঁ পৰে। দিলীপ শৰ্মাৰ মৃতদেহ আজি সন্ধিয়া চিকিৎসালয়ৰ পৰা লৈ গৈ নিশা ছয়গাঁৱতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। সাদিন-প্ৰতিদিন গোষ্ঠীৰ তৰফৰ পৰা তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি।

'অসমীয়া প্ৰতিদিন'ৰ কৰ্মৰত সাংবাদিক দিলীপ শৰ্মা আৰু নাই, ৪৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ...
দুই পক্ষৰ মাজত হোৱা সংঘাতত প্ৰাণ গ'ল এজনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in