/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9e3258b0-a12d-444e-9291-c47920bbfcba/lkj.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিআৰৰ সদৰ কোকৰাঝাৰত বিজেপিত আৰম্ভ হৈছে ধুমুহা। কোকৰাঝাৰ বিজেপিত আৰম্ভ হৈছে তীব্ৰ খহনীয়া। ইতিমধ্যে কোকৰাঝাৰ বিজেপিৰ প্ৰাক্তন সম্পাদক ৰাজকুমাৰ ব্ৰহ্মকে ধৰি আন কেবাগৰাকী জেষ্ঠ্য নেতাই বিজেপি দল ত্যাগ কৰি বিপিএফত যোগদান কৰে। তাৰ পিছত বৃহস্পতিবাৰে অকল কোকৰাঝাৰৰে ২০ গৰাকীৰো অধিক জিলা, বুট আৰু মণ্ডল পৰ্যায়ৰ নেতাই বিজেপি ত্যাগ কৰি বিপিএফ দলত যোগদান কৰা ঘটনাই বিজেপিৰ ভিতৰচোৰাত আলোড়নৰ সৃষ্টি কৰিছে ।
কোকৰাঝাৰ জিলা বিপিএফে দলৰ মুখ্য কাৰ্যালয়ত আজি আয়োজন কৰা যোগদান সভাত কোকৰাঝাৰ বিজেপিৰ জিলা সম্পাদিকা ক্ৰমে জেচমিন ব্ৰহ্ম , সুবৰ্ণ বৰুৱা, কোকৰাঝাৰ বিজেপি মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা দীপালি ব্ৰহ্মৰ লগতে আন বহু সংখ্যক নেতাই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰিছে ।
উল্লেখ্য যে আজি বিপিএফৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা বিশেষ যোগদান সভাত ইউপিপিএল, বিজেপি , কংগ্ৰেছ আদিকে ধৰি আন দলৰ পৰা ৪৯৩ জন লোকে আনুষ্ঠানিকভাৱে বিপিএফত দলত যোগদান কৰে । ইয়াৰে ২৪৭ জন হ'ল বিজেপিৰ , ১৮৬ জন হ'ল ইউপিপিএল দলৰ আৰু বাকীখিনি কংগ্ৰেছ তথা অন্যান্য দলৰ।
কালিলৈকে বিজেপিত সক্ৰিয় হৈ থাকি মন্ত্ৰী অশোক সিংঘালৰ সভাত উপস্থিত থকাৰ পিছত আজি বিজেপি ত্যাগ কৰি কৰি আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰা সদ্য পদত্যাগী বিজেপিৰ কোকৰাঝাৰ জিলাৰ সম্পাদিকা সুবৰ্ণ বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিয়ে সৰু মানুহক,সৰু কাৰ্যকৰ্তাক কোনোধৰণৰ গুৰুত্ব নিদিয়ে।
তেওঁ কয় যে আগতে কোকৰাঝাৰত বাহিৰৰ মানুহে সোণ বুটলিব আহিছিল কিন্তু আজিকালি কোকৰাঝাৰৰ মানুহ জীৱিকাৰ সন্ধানত বাহিৰলৈ কাম কৰিব যাব লগা হৈছে । বিটিআৰৰ কাৰ্যবাহী সদস্য তথা বিজেপিৰ নেতা অৰূপ কুমাৰ দে' ওৰফে চম্পককো সমালোচনা কৰি কয় যে তেওঁ কৰ্মকৰ্তা সকলক চকুপাৰি দেখিব নোৱাৰে, কোনোধৰণৰ গুৰুত্বও নিদিয়ে । সৰু কাৰ্যকৰ্তাৰ গুৰুত্ব নাই , অকল ডাঙৰ কাৰ্যকৰ্তাৰ হে বিজেপিত গুৰুত্ব আছে ।
আনহাতে বিজেপিৰ কথামতে প্ৰমোদ বড়োৱে চৰকাৰ চলাই আছে বুলি মন্তব্য কৰি সুবৰ্ণ বৰুৱাই কয় যে প্ৰমোদ বড়ো চৰকাৰে পৰিবৰ্তন আনিব বুলি আশা কৰিছিলো যদিও সেয়া নহ'ল। মাহত ১২ - ১৩ খনকৈ মিটিং কৰাৰ পিছতো আমি কি খাইছো , কেনেদৰে সংসাৰ চলাইছো তাৰ খবৰ লবলৈকে বিজেপিত কাৰোৱে আহৰি নাই বুলি দুখপ্ৰকাশ কৰিছে সদ্যপদত্যাগী বিজেপিৰ কোকৰাঝাৰ জিলাৰ সম্পাদিকা সুবৰ্ণ বৰুৱাই ।
ইপিনে যোগদান সভাত উপস্থিত থকা বিটিআৰৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী তথা বিপিএফৰ উপসভাপতি খাম্পা বৰগয়াৰীয়ে সংবাদমাধ্যমৰ আগত কয় যে বিজেপিত গৰাখহনীয়া আৰম্ভ হৈছে । ৰাইজে উপলব্ধি কৰিছে যে ইউপিপিএল- বিজেপিৰ দ্বাৰা একো কাম নহব । বিপিএফৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়ি গৈছে সেয়ে দলে দলে বিপিএফলৈ আহিছে। ইউপিপিএল দলৰ প্ৰাথমিক পৰ্যায়ৰ পৰা বিজেপিৰ জিলা পৰ্যায়ৰ নেতাই আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰিছে ।
আজি বিভিন্ন দলৰ প্ৰায় পাঁচশ লোকে বিপিএফত যোগদান কৰিছে । সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত খাম্পা বৰগয়াৰীয়ে কয় যে কৰবাত হয়তো বিজেপিৰ শংকাৰ ভাৱ সৃষ্টি হৈছে আৰু সেয়ে বিটিআৰ এলেকাত ৫ জনকৈ কেবিনেট মন্ত্ৰী , ১৪ জনকৈ বিধায়কে কাম কৰি আছে । বিপিএফ দলৰ পক্ষে ইতিমধ্যে বতাহ বলিছে বুলি মন্তব্য কৰি খাম্পা বৰগয়াৰীয়ে কয় যে ৰাইজে উপলদ্ধি কৰিছে আৰু বিপিএফৰ পক্ষেই সিন্ধান্ত লৈছ।
প্ৰণিধানযোগ্য যে আজিৰ যোগদান কাৰ্যসূচীত বিজেপিৰ কাশিপাৰা বুথ কমিটিৰ সভাপতি মবোজ ৰায় , ছালাকাটি মণ্ডল এচটি মৰ্চাৰ সভাপতি নিৰ্মল নাৰ্জাৰী আদিকে ধৰি জিলা ,মণ্ডল , বুথ পৰ্যায়ৰ ২৪৭ জন বিজেপি নেতা -কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিপিএফ যোগদান কৰে । কাইলৈ (২৪/১১/২৩) কোকৰাঝাৰ বিটিচি সচিবালয়ৰ নিকটৰ গ্ৰীণ ফিল্ডত বিজেপিৰ বিশাল গণসমাৱেশৰ প্ৰাকমুহুৰ্তত আজি ২৪৭ জনকৈ বিজেপিৰ নেতা -কৰ্মীয়ে দলত্যাগ কৰা ঘটনাই বিশেষ তাপপৰ্যৰ সৃষ্টি কৰিছে । উল্লেখ্য যে আজি বিপিএফৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত বিপিএফৰ প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম , বিধায়ক ৰবিৰাম নাৰ্জাৰী , বিটিচি বিধান পৰিষদৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰী উপস্থিত আছিল ।
Also Read: তীব্ৰবেগী বাহনে মহটিয়াই নিলে ২ বাইক আৰোহীক, থিতাতে নিহত এজন...