/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/3092106e-17f5-4a26-92f5-ac8722f52da8/PORTAL_06.jpg)
কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিলে তথাকথিত প'ৰ্টেলৰ মুখ্য পৰিচালকক...
ডিজিটেল ডেস্কঃ জধে মধে প'ৰ্টেল খুলি সংবাদ মাধ্যমৰ গৰিমাত কালিমা সানি অহা একাংশ লোকৰ বাবেই এতিয়া সংবাদ মাধ্যম আৰু সাংবাদিকৰ প্ৰতি মানুহৰ মনত সৃষ্টি হৈছে বিৰূপ ধাৰণা। যাৰ পৰিপ্ৰেক্ষিতত সংবাদ মাধ্যমে হেৰুৱাইছে পূৰ্বৰ গৰিমা।
এনে এটা তথাকথিত প'ৰ্টেলৰ মুখ্য পৰিচালকক আজি আটক কৰিলে কোকৰাঝাৰ আৰক্ষীয়ে। খবৰ অনুসৰি এটা বড়ো ভাষাৰ প'ৰ্টেলৰ মুখ্য পৰিচালক বিনঞ্জয় নাৰ্জাৰীক আজি কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিছে।
যোৱা কিছুদিন ধৰি এই বিনঞ্জয় নাৰ্জাৰীয়ে কোকৰাঝাৰৰ সাংবাদিকসকলক নিজৰ প'ৰ্টেলত কোনো কাৰণ নোহোৱাকৈ উদ্দেশ্য প্ৰণোদিত ভাৱে সমালোচনা কৰি আহিছিল। অকাৰণতে এইদৰে কোকৰাঝাৰৰ সাংবাদিকসকলক নিজৰ প'ৰ্টেলৰ জৰিয়তে উদ্দেশ্য প্ৰণোদিত ভাৱে আক্ৰমণ কৰি অহা কাৰ্যত অতিষ্ঠ গৈ কোকৰাঝাৰ প্ৰেছ ক্লাবৰ পৰা দাখিল কৰা হয় এক এজাহাৰ।
এই এজাহাৰৰ ভিত্তিতেই বিনঞ্জয় নাৰ্জাৰীক ছেৰফাংগুৰীৰ এটা ভাড়া ঘৰৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে আজি আটক কৰে। ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীয়ে তেওঁক সোধাপোছা অব্যাহত ৰাখিছে।
Also Read: অন্ধকাৰৰ মাজতেই বিশ্ববিদ্যালয়ত ভাষণ দিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...