Advertisment

ওৰাঙত 'প্ৰয়াস'ৰ বিহু কৰ্মশালা আৰম্ভ...

ঢোলবাদন আৰু বিহুনাচ কৰ্মশালা

author-image
Asomiya Pratidin
New Update
ওৰাঙত 'প্ৰয়াস'ৰ বিহু কৰ্মশালা আৰম্ভ...

ওৰাঙত 'প্ৰয়াস'ৰ বিহু কৰ্মশালা আৰম্ভ...

ডিজিটেল সংবাদ ওৰাং: ধুলিয়ৰি বাটত ফাগুনৰ পছোৱাৰ আচল উৰুৱাই উন্মনা-উতলা ফাগুনে বিদায়‌ লোৱাৰ পাছতে প্ৰকৃতিয়ে বৰণ সলাবলৈ আৰম্ভ কৰিছে। বিৰিখে পাত সলাইছে, ন-কুঁহি পাত মেলিছে, কুলি, কেতেকীয়েও বিনাইছে। বনত ফুলিবলৈ আৰম্ভ কৰিছে কপৌ, ফুলিবলৈ ধৰিছে নাহৰ, তগৰ। সকলো মিলি চৌদিশৰ পৰা আহিছে ৰঙীন ব'হাগৰ খবৰ।

Advertisment

আজি চ'ত মাহৰ চাৰি তাৰিখ। আজিৰে পৰাই ওৰাঙৰ লক্ষী মন্দিৰ প্ৰাঙ্গণত প্ৰয়াস এন জি অ' আৰু বৃহত্তৰ ওৰাংবাসী ৰাইজৰ সহযোগত ১৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা। সোমবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয় প্ৰয়াসৰ বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা।

এই কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠানৰ সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বিনোদ বৈশ্যই। বন্তি প্ৰজ্বলন কৰে ওৰাং ভি চি ডি চিৰ সভাপতি দিব্যজ্যোতি শইকীয়াই। বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ শুভাৰম্ভ কৰে বিশিষ্ট বিহুৱা লোহিত হাজৰিকাই।

কৰ্মশালাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ বিহুৱা মনোজ জ্যোতি ভূঞা বিহুৱতী মৌচুমী ঠাকুৰীয়া, ৰীতুস্মিতা কেওঁট, পৰীস্মিতা ডেকা, নৃপিতা কোচ, হীৰকজ্যোতি শইকীয়া আৰু জুমন ডেকা। বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালাত অংশগ্ৰহণ কৰে পঞ্চাচতকৈ অধিক প্ৰশিক্ষাৰ্থীয়ে।

নৱ প্ৰজন্মৰ মাজত বিহু সংস্কৃতি শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হোৱা এই কৰ্মশালা ১৮ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ অনুষ্ঠিত হ'ব বুলি জনাইছে উদ্যোক্তাসকলে। উল্লেখ্য প্ৰয়াস স্বেচ্ছাসেৱী সংগঠনটোৱে পৰিৱেশ, শিক্ষা আৰু স্বাস্থ্যৰ লগতে তেওঁলোকৰ কৰ্মসূচীত সংযোজন কৰিছে সংস্কৃতিও।

ৰূপহী অসমৰ চহকী বিহু সংস্কৃতিক নৱ প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ লগতে বিশ্ববাসীৰ সন্মুখত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে আগত ৰাখিয়েই প্ৰয়াসৰ এই বিনম্ৰ প্ৰয়াস। এই কৰ্মশালাত যোগদান কৰিবলৈ আগ্ৰহী সকলে ৭০০২৬০৯৪৪৮ আৰু ৯৯৫৪৯৩৫৭০৬ নম্বৰত যোগাযোগ কৰিব পাৰিব।

Also Read: চেম্পিয়ন হ'ল আৰ চি বিঃ হতাশা আঁতৰা নাই বিজয় মালিয়াৰ...

ওৰাং বিহু কৰ্মশালা