বাসুগাঁৱৰ বন্ধ কৰা ৰেলগেট পুনৰ মুকলি কৰাৰ দাবীত নাগৰিক সভা

বাসুগাঁৱৰ বন্ধ কৰা ৰেলগেট পুনৰ মুকলি কৰাৰ দাবীত নাগৰিক সভা

ডিজিটেল সংবাদ, চিৰাং : বাসুগাঁৱত ৰেলবিভাগে বন্ধ কৰি দিয়া ৰেলগেট পুনৰ মুকলি কৰি দিয়াৰ দাবীত দেওবাৰে বাসুগাঁও নাগৰিক অধিকাৰ মঞ্চৰ আহ্বানত বিভিন্ন দল সংগঠনৰ উপস্থিতিত এক নাগৰিক সভা অনুষ্ঠিত হয় । নাগৰিক অধিকাৰ মঞ্চৰ কাৰ্য্যকৰী সভাপতি আশীষ দেৱনাথৰ সভাপতিত্বত বাসুগাঁও চিনিয়ৰ চিটিজেন ছচাইটি কাৰ্য্যালয়ত অনুষ্ঠিত সভাত বিভিন্ন ৰাজনৈতিক দল, ছাত্ৰ সংগঠন, ব্যৱসায়ী সন্থাৰ নেতৃবৰ্গৰ উপৰি জেষ্ঠ্য নাগৰিক সকল উপস্থিত থাকে ।

সভাত অধিকাংশ বক্তাই নিজৰ ভাষন প্ৰসংগত উল্লেখ কৰে যে ৰেলগেটৰ তীব্ৰ যানজটৰ পৰা মুক্তি পাবলৈ আৰু ভবিষ্যতৰ কথা চিন্তা কৰি বাসুগাঁও চহৰত এই উৰণ সেতুৰ প্ৰয়োজনীয়তা আছিল। যাৰ কাৰণে বহু ক্ষয়ক্ষতি হ'ব বুলি জানিও বাসুগাঁওবাসী ৰাইজে উন্নয়নৰ পক্ষত থাকি উৰণ সেতুৰ নিৰ্মাণ কাৰ্য্যত সহায় সহযোগ আগবঢ়াই আছিল । কিন্তু দুৰ্ভাগ্যজনক কথা যে স্থানীয় দল সংগঠন, ব্যৱসায়ী সন্থা আৰু ৰাইজৰ প্ৰৱল আপত্তি স্বত্বেও যোৱা ১১ অক্টোবৰত বাসুগাঁও চহৰৰ মুখ্যপথৰ ৰেলপথ ওপৰেদি নিৰ্মাণ কৰা উৰণ সেতু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰাৰ দিনাই কোনো ধৰনৰ আগজাননী নিদিয়াকৈ ৰেলবিভাগে নিশাৰ ভিতৰতে ৰেলৱে লেভেল ক্ৰচিং গেট বন্ধ কৰি দি ৰেলপথৰ দুয়ো দিশে পথৰ ওপৰত প্ৰকাণ্ড আকাৰৰ গাঁত খান্দি দিয়ে।

ৰেলগেট বন্ধ কৰি দিয়াৰ ৰেলবিভাগৰ এই অবিবেচকী কাণ্ডৰ ফলত যোৱা কিছুদিন বাসুগাঁও চহৰৰ ৰেলপথৰ দুয়োপাৰৰ লোক সকলে তীব্ৰ হাৰাশাস্তিৰ সন্মূখীন হ'ব লগা হৈছে । বিশেষকৈ ৰেলগেট বন্ধ কৰি দিয়াৰ ফলত দিব্যাঙ্গ, শাৰীৰিক ভাৱে দুৰ্বল, জেষ্ঠ্য নাগৰিক সকলৰ উপৰি কণ কণ ছাত্ৰ ছাত্ৰী সকলে যমৰ যাতনা ভূগিব লগা হৈছে বুলি ভাষনত উল্লেখ কৰে । কাৰণ বাসুগাঁও চহৰৰ নৱনিৰ্মিত উৰণ সেতুত সাধাৰণ ৰাইজৰ বাৱে খোজকাঢ়ি যোৱাৰ পথপদ আছে যদিও দিব্যাঙ্গ সকলে ৰেলপথ অতিক্ৰম কৰিবলৈ উৰণ সেতুখনত নূন্যতম সুবিধাখিনি নথকাৰ ফলত দিব্যাঙ্গ সকলে মৰণক শৰণ দি কোনোবাই ৰেলপথ অতিক্ৰম কৰিছে কোনোবাই আকৌ উৰণ সেতুত সাধাৰণ লোকৰ বাৱে বনোৱা খটখটী বগাই বিপজ্জনক ভাৱে যাতায়াত কৰি আছে ।

দিব্যাঙ্গ সকলৰ এনে কিছু যাতায়াত কৰা অমানৱীয় দৃশ্য সামাজিক মাধ্যমত ভাইৰাল হৈ পৰিছে যিবোৰ দৃশ্যই বাসুগাঁও চহৰৰ ৰাইজক আৱেগিক কৰি তুলিছে। বাসুগাঁওবাসীয়ে উন্নয়ন বিচাৰে কিন্তু উন্নয়নৰ যদি সাধাৰণ ৰাইজে যমৰ যাতনা ভূগিব লগা হয় তেনেহলে এয়া কিহৰ উন্নয়ন বুলি বক্তা সকলে ভাষনত প্ৰশ্ন উত্থাপন কৰে ।

জনসাধাৰণৰ এই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বাসুগাঁওবাসী ৰাইজৰ মুখ্য দাবী চৰকাৰ নাইবা ৰেলবিভাগে বন্ধ কৰা ৰেলগেট খন অতিশীঘ্ৰে পুনৰ মুকলি কৰাৰ দাবী উত্থাপন কৰে । অন্যথাই চৰকাৰ তথা ৰেলবিভাগৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন কাৰ্য্যসূচী গ্ৰহণ কৰাৰ মত পোষণ কৰে ।

সেইমৰ্মে আজিৰ সভাত বাসুগাঁও নাগৰিক অধিকাৰ মঞ্চই বাসুগাঁও চহৰৰ বন্ধ ৰেলগেট পুনৰ মুকলি কৰাৰ দাবীত প্ৰথমে চিৰাং জিলা সদৰ কাজলগাঁৱত প্ৰতিবাদী অবস্থান ধৰ্মঘট, তাৰ পিছত বাসুগাঁও ৰেলষ্টেচন চৌহদত ধৰ্ণা কাৰ্য্যসূচী ইয়াৰ পিছতো যদি ৰেলবিভাগ আৰু চৰকাৰে এই সন্দৰ্ভত কোনো ব্যবস্থা গ্ৰহণ নকৰে তেনেহলে পৰৱৰ্তী সময়ত বাসুগাঁওবাসী ৰাইজে গণতান্ত্ৰিক পদ্ধতিত ৰেলপথ অৱৰোধ কৰাৰ দৰে আন্দোলন কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি নাগৰিক অধিকাৰ মঞ্চৰ সাধাৰণ সম্পাদক প্ৰফুল্ল বিশ্বাসে সদৰি কৰে ।

বাসুগাঁৱৰ বন্ধ কৰা ৰেলগেট পুনৰ মুকলি কৰাৰ দাবীত নাগৰিক সভা
লিডুত সজীৱ গুলী-পিষ্টলসহ ২ জন আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in