লিডুত সজীৱ গুলী-পিষ্টলসহ ২ জন আটক

লিডুত সজীৱ গুলী-পিষ্টলসহ ২ জন আটক

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ দেওবাৰে উজনিমোৱা গুৱাহাটী- লিডু ইন্টাৰচিটি এক্সপ্ৰেছত অহা পিষ্টলসহ দুজনকৈ সন্দেহ জনক ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ৰেল আৰক্ষীয়ে। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত তিনিচুকীয়া জি.আৰ.পি.এফ.এ'ৰ এটা দলে ইন্টাৰচিটি এক্সপ্ৰেছত অহা দুজন পিষ্টলধাৰীক লিডু ৰে'ল ষ্টেচনত আটক কৰে।

ধৃত ব্যক্ত দুজন ক্ৰমে বোকাজানৰ অবিনাশ ধন (৩২) আৰু বিশ্বনাথৰ জিনজিয়াৰ নৰেশ গড় (৪২) বুলি জানিব পৰা গৈছে। ব্যক্ত দুজনৰ পৰা ৪ জাই সজীৱ গুলীসহ দুটা ৭.৬৫ এম এম লোডেত পিষ্টল উদ্ধাৰ কৰে । কি উদ্দেশ্যত এই লোক দুজন লিডুলৈ আহিছিল সেই সম্পৰ্কে বাতৰি প্ৰস্তত কৰা সময়লৈকে জানিব পৰা হোৱা নাই। সমগ্ৰ ঘটনাই লিডুত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লিডুত সজীৱ গুলী-পিষ্টলসহ ২ জন আটক
পাম অইল‌ৰ খেতি সন্দৰ্ভত জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিক্ৰিয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in