/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/7e4216da-d9d6-4f70-8677-5ef3056378ce/chirang_30.jpg)
বিলাসী বাহনেৰে ছাগলী চোৰ কৰি চিৰাঙত সন্ত্ৰাস কৰা ৫ ছাগলী চোৰক গ্ৰেপ্তাৰ...
ডিজিটেল সংবাদ চিৰাংঃ দীৰ্ঘদিন ধৰি চিৰাং জিলাৰ বিভিন্ন অঞ্চলত বিলাসী বাহন লৈ বাটপথৰ পৰা চৰি থকা ছাগলী চোৰ কৰি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰা এটা বৃহৎ ছাগলী চুৰি চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। জানিব পৰা মতে এই ছাগলী চোৰৰ চক্ৰটোৰ ৫ টা চোৰক গ্ৰেপ্তাৰ কৰিছে চিৰাঙৰ বাসুগাওঁ আৰক্ষীয়ে।
বাসুগাঁও থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছাগলী চোৰ কেইটা ক্ৰমে গোলাম কিব্ৰিয়া (৩৮), ৰতন ৰয় ( ৩৪) মকছুদ আলী (২৮), হামিদুৰ ৰহমান (২৯) আৰু ছাইফুল ইছলাম (৩৬) । ধৃত ছাগলী চোৰ কেইটাৰ ঘৰ ধুবুৰী জিলাৰ ধুবুৰী আৰু গৌৰীপুৰ এলেকাত বুলি সদৰি কৰা হৈছে।
আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে যোৱা কেইবামাহ ধৰি ধুবুৰী জিলাৰ পৰা বিলাসী বাহন লৈ চিৰাঙৰ বিভিন্ন এলেকাৰ বাট পথৰ ছাগলী চোৰি কৰি একপ্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰা ছাগলী চোৰ চক্ৰটো ঘটনাক্ৰমে ২৩ মাৰ্চ, ২০২৪ ইং তাৰিখে বাসুগাঁও আৰক্ষী থানাৰ জালত ধৰা পৰিছিল। সিদিনাই আৰক্ষীয়ে চক্ৰটোৱে ব্যৱহাৰ কৰা এখন টাটা ইণ্ডিগ' বাহনৰ ডিকিত ছটা ছাগলীসহ চক্ৰটোৰ অন্যতম সদস্য গোলাম কিব্ৰিয়াক আটক কৰিছিল। কিন্তু সুযোগ বুজি ছাগলী চোৰ চক্ৰটোৰ বাকি সদস্য কেইজন পলাই যাবলৈ সক্ষম হৈছিল ।
কিন্তু ধৃত গোলাম কিব্ৰিয়াৰ তথ্যৰ ভিত্তিত ২৯ মাৰ্চৰ নিশা বাসুগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুল মণি দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ধুবুৰী আৰু গৌৰীপুৰ আৰক্ষী থানাৰ সহযোগত অভিযান চলাই ছাগলী চোৰ চক্ৰৰ বাকি চাৰি সদস্যক গ্ৰেপ্তাৰ কৰি বাসুগাঁও থানালৈ আনে । অধিক তথ্যৰ বাবে ধৃত চোৰ কেইজনক বাসুগাঁও আৰক্ষী থানাত সোধপোছ অব্যাহত ৰাখিছে । দীৰ্ঘদিন ধৰি জিলাখনত ছাগলী চোৰ কৰি একপ্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰা ছাগলী চোৰ চক্ৰটোক উৎখাত কৰা কাৰ্য্যক বহুলোকে বাসুগাঁও থানাৰ আৰক্ষীক শলাগ লয় ।