/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/3b25abc6-307f-4258-8ae7-37cc77a44377/54.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নিকটৱৰ্তী হৰিণাগুৰীৰ বাওঁখুংগ্ৰী পাহাৰৰ দাঁতিত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ১১সংখ্যক বাওঁখুংগ্ৰী মহোৎসৱ। বিটিচি চৰকাৰৰ উদ্যোগত ১২ আৰু ১৩ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা বাঁওখুংগ্ৰী মহোৎসৱৰ মুখ্যদ্বাৰ উদ্বোধনৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক সুবুং বসুমতাৰীয়ে ৷
বাওঁখুংগ্ৰী মহোৎসৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ অধ্যক্ষ খোকা ব্ৰহ্ম আৰু পৰম্পৰাগত খেলৰ পতাকা উত্তোলন কৰে অজিত বসুমতাৰীয়ে ৷ উল্লেখ্য যে বাৰেৰহণীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত বাওঁখুংগ্ৰী উৎসৱৰ সতে সংগতি ৰাখি পৰম্পৰাগত খেলসমূহ অনুষ্ঠিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/c8c95950-7071-4e0a-ae23-c29a1d262dc3/de34254e_388f_40b8_aa5f_9ae46a9fba87.jpg)
খেলসমূহৰ ভিতৰত যেনে- খোমলাইনায়ৰ লগতে পাহাৰ বগোৱা,চাইক্লিং আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ইয়াৰোপৰি বড়ো জনগোষ্ঠীও বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰৰ বিভিন্ন বিপনী উৎসৱ থলীত গঢ়ি তোলাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷
আনহাতে আজি পুৱাৰ ভাগত অনুষ্ঠিত হোৱা পাহাৰ বগোৱা প্ৰতিযোগিতাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে ডিমাছা দেবৰাং মুছাহাৰীয়ে ৷ চাইক্লিং প্ৰতিযোগিতাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে অসম ফুটবল সন্থাৰ সভাপতি সাংগ্ৰাং ব্ৰহ্মই ৷
ল'ৰা আৰু ছোৱালী উভয় শাখাতে অনুষ্ঠিত পাহাৰ বগোৱা আৰু চাইক্লিং প্ৰতাযোগিতাত অসমৰ উপৰিও পশ্চিমবংগ,উত্তৰ প্ৰদেশ,বিহাৰ আদিকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে চ'তৰ সংক্ৰান্তি দিনাখন অৰ্থাৎ ১৩ এপ্ৰিলত প্ৰাচীন পৰম্পৰা অনুযায়ী হাজাৰ হাজাৰ লোকে বাওঁখুংগ্ৰীত সমবেত হয় আৰু পৰম্পৰা অনুসৰি বাওঁখুংগ্ৰী পাহাৰ বগাই ভগৱান শিৱৰ আশীষ লয় ৷
Also Read: বিশ্বনাথত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা