/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/70c6edb9-c263-44e6-aae0-c19e3276e6d1/chirang_17.jpg)
চম্পাৱতী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বাঁহৰ দলং: যাতায়ত বিঘ্নিত
ডিজিটেল সংবাদ চিৰাংঃ যোৱা এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফোটকাৰে বাঢ়ি অহা চম্পাৱতী নৈৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় কচুতোলা-কূৰ্শাকাটি ঘাট সংযোগী পথৰ অস্থায়ী বাঁহৰ দলংখন। কোকৰাঝাৰ আৰু চিৰাং জিলা দ্বি-বিভক্ত কৰি ভূটানৰ পৰা দক্ষিণলৈ বৈ যোৱা নৈখনৰ বাঢ়নী পানীয়ে দলংখন উটুৱাই লৈ যোৱাত চৰম দুৰ্ভোগৰ সম্মুখীন হৈছে দুয়োপাৰৰ জনসাধাৰণ।
বিশেষকৈ বাসুগাঁও চহৰলৈ বজাৰ-সমাৰ, বিদ্যালয়-মহাবিদ্যালয়, চাকৰি-বাকৰি সংক্ৰান্তত অহা-যোৱাৰ ক্ষেত্ৰত পশ্চিম অঞ্চলৰ কূৰ্শাকাটি, কালীপুখুৰী অঞ্চলবাসী যথেষ্ঠ সমস্যাৰ সম্মুখীন হৈছে। দলংখন উটুৱাই লৈ যোৱাৰ ফলত টুলুঙা নাৱেৰে পাৰাপাৰ হ'ব লগা হয় দুয়োপাৰৰ জনসাধাৰন।
যাৰ ফলত যথেষ্ঠ সময় ব্যয় হোৱাৰ লগতে কেতিয়াবা মানুহ, যান-বাঁহন, বয়-বস্তু অত্যাধিক হৈ নাও ডুব গৈ বয়-বস্তু উটি যোৱাৰো নজিৰ আছে। অতি গুৰুত্বপূৰ্ণ নৈখনৰ ঘাটত যোৱা লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অহা মুখ্যমন্ত্ৰী ডা০ হিমন্ত বিশ্ব শৰ্মাই জৰেগাঁৱত দলং নিৰ্মাণৰ আশ্বাস দিয়ে। অঞ্চলৰ একপ্ৰকাৰ দীৰ্ঘদিনীয়া মূল সমস্যা দলংখন সম্পূৰ্ণ হলে অঞ্চলবাসী যথেষ্ঠ উপকৃত হ'ব। এই আশাৰে অপেক্ষা কৰি আছে অঞ্চলবাসী।
Also Read: পাটাছাৰকুছিৰ ধমৰতলালৈ গৌৰৱ কঢ়িয়ালে নীলাক্ষি দাসে...