পাটাছাৰকুছিৰ ধমৰতলালৈ গৌৰৱ কঢ়িয়ালে নীলাক্ষি দাসে...

এন আই টি শিলচৰৰ পৰা লাভ কৰিলে পি এইছ ডি
পাটাছাৰকুছিৰ ধমৰতলালৈ গৌৰৱ কঢ়িয়ালে নীলাক্ষি দাসে...
পাটাছাৰকুছিৰ ধমৰতলালৈ গৌৰৱ কঢ়িয়ালে নীলাক্ষি দাসে...
Published on
Updated on

ডিজিটেল সংবাদ পাটাছাৰকুছিঃ সৰুৰে পৰাই মেধাৰ পৰিচয় দাঙি ধৰা ধৰমতলা নিবাসী নীলাক্ষি দাসে শৈক্ষিক সুক্ষাতিৰ অৰ্জনেৰে পাটাছাৰকুছিৰ লগতে শিক্ষাৰ পিঠস্থান বুলি কোৱা বজালী জিলাকে গৌৰৱান্বিত কৰিলে৷ সুদীৰ্ঘ পাঁচ বছৰ ধৰি National Institute of Technology(NIT), Silchar ৰ পদাৰ্থ বিজ্ঞান বিভাগত গৱেষণা কৰি নীলাক্ষি দাসে “ Signature of New Physics In The Semi Leptonic Decays of B Hadrons in The Light of Recent B Anomalies" বিষয়ৰ গৱেষনাৰ বাবে NIT Silchar ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে৷

এনে খবৰে অঞ্চলতোৰ লোকসকলক আনন্দিত কৰি তুলিছে৷ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ইতিমধ্যে পিতৃ-মাতৃক শুভেচ্ছা জ্ঞাপন কৰিছে৷ অঞ্চলতোৰ বিভিন্ন জনে এনে সফলতা সন্তোষ প্ৰকাশ কৰিছে আৰু অভিনন্দন জনাইছে শিক্ষাৰ্থীগৰাকীক৷

তেওঁ NIT Silchar ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰফেচৰ ড° ৰূপক দত্তৰ তত্বাবধানত গৱেষণা কৰিছিল৷ নিলাক্ষীয়ে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ পৰা ২০১০ চনত ৭৯ শতাংশ নম্বৰেৰে মেট্ৰিক উত্তীৰ্ণ হৈছিল আৰু ৭৫ শতাংশ নম্বৰেৰে পূৰ্বৰ বজালী কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হৈছিল৷

একেখন কলেজৰ পৰাই স্নাতক পৰীক্ষাত পদাৰ্থ বিজ্ঞান মেজৰ হিচাপে ৮২ শতাংশ নম্বৰৰ পাই উত্তীৰ্ণ হৈছিল৷ আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাও পদাৰ্থ বিজ্ঞান বিষয়ত ৭৩ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ পিছত গেইট(GATE) পৰীক্ষা দি শিলচৰৰ উক্ত শিক্ষানুস্থানত গৱেষণা কৰাৰ সুযোগ লাভ কৰিছিল৷

ইতিমধ্যে উচ্চ পৰ্যায়ৰ গৱেষণাৰ বাবে আগশাৰীৰ শিক্ষানুষ্ঠানলৈ যোৱাৰ চিন্তা কৰিছে তেওঁ৷ নিলাক্ষী দাস বজালী জিলাৰ পাটাছাৰকুছি (ধৰমতলা) নিবাসী তথা পাটাছাৰকুছি হাইস্কুলৰ শিক্ষক শ্ৰীসদাৰাম দাস আৰু সোনালী দাসৰ জীয়ৰী৷

পাটাছাৰকুছিৰ ধমৰতলালৈ গৌৰৱ কঢ়িয়ালে নীলাক্ষি দাসে...
বিলাসীপাৰা পৌৰসভাত থলুৱা ব্যৱসায়ীক বঞ্চিত কৰি ধনৰ বিনিময়ত অনা অসমীয়াক নিৰ্মীয়মান বজাৰগৃহ আবণ্টন !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in