বাক্সাত চাঞ্চল্য! অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ...

বাক্সাত চাঞ্চল্য! অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ...

author-image
Asomiya Pratidin
New Update
বাক্সাত চাঞ্চল্য! অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ...

ডিজিটেল ডেস্কঃ বাক্সাৰ বৰবড়ী আৰক্ষী থানাৰ অন্তৰ্গত পাখামাৰাত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা । মঙলবাৰে পাখামাৰা গাঁওৰ দীলিপ বৈশ্যৰ পুত্ৰ ৰমনী বৈশ্য (২৫) ক অচিনাক্ত দুৰ্বৃত্তই চুৰিকাঘাত কৰি হত্যা কৰি থৈ যায় বুলি জানিব পৰা গৈছে‌ ।

Advertisment

লগতে খমেন লাহাৰীৰ পুত্ৰ ৰাকেশ লাহাৰী (২২)ও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে উক্ত ঘটনাত। অৱশ্যে কোনে কি কাৰণত যুৱক দুজনক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰি তদন্ত ।

দুয়োগৰাকী যুৱককে ততাতৈয়াকৈ মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে ৰমনী বৈশ্যক মৃত বুলি ঘোষণা কৰে। লগতে ৰাকেশ লাহাৰীক উন্নত চিকিৎসাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰে।

Also Read: ঢকুৱাখনাত প্লাষ্টিকজাত সামগ্ৰী জব্দ

Assam police