আছুৰ কাৰ্যালয়ত দুৰ্বৃত্তই ওলমালে বিপিএফৰ পতাকা...

বাগানপাৰা আছু কাৰ্যালয়ত এই ঘটনা, ক্ষুব্ধ আছু নেতা

author-image
Asomiya Pratidin
New Update
আছুৰ কাৰ্যালয়ত দুৰ্বৃত্তই ওলমালে  বিপিএফৰ পতাকা...

আছুৰ কাৰ্যালয়ত দুৰ্বৃত্তই ওলমালে বিপিএফৰ পতাকা...

ডিজিটেল সংবাদ বাক্সাঃ বাক্সা জিলাৰ বাগানপাৰাস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বি পি এফৰ পতাকা ওলমাই থৈ যোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। উল্লেখ্য যে, শনিবাৰে নিশা কোনো অজ্ঞাত লোকে এই কাৰ্য সংঘটিত কৰে।

Advertisment

দেওবাৰে পুৱা ছহিদ স্মাৰকৰ কাষত বি পি এফৰ পতাকা প্ৰত্যক্ষ কৰাৰ পাছতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া। আছুৰ কাৰ্যালয়টোত সংঘটিত হোৱা এই ঘটনাই ক্ষোভিত কৰি তোলে আছু নেতা-কৰ্মী সকলক।

পাছত, কাৰ্যালয়টোত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক কংকনজ্যোতি শৰ্মাই লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আছুৰ গাত ৰাজনৈতিক আঁচোৰ পেলাব খোজা এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। লগতে আগন্তুক সময়ত এনে কাৰ্যৰ পৰা সকলো পক্ষকে বিৰত থাকিবলৈ সকিয়াই দিয়ে ।

Also Read: 'যোগ্য আৰু অভিজ্ঞ ব্যক্তিসকলে প্ৰাৰ্থিত্ব লাভ কৰিছে' - মন্ত্ৰী পীযুষ হাজৰিকা

আছু বি পি এফ