ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ত 'লিংগ বৈষম্য আৰু ইয়াৰ প্ৰতিকাৰ' সন্দৰ্ভত সজাগতামূলক সভা

ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ত 'লিংগ বৈষম্য আৰু ইয়াৰ প্ৰতিকাৰ' সন্দৰ্ভত সজাগতামূলক সভা

author-image
Asomiya Pratidin
New Update
ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ত 'লিংগ বৈষম্য আৰু ইয়াৰ প্ৰতিকাৰ' সন্দৰ্ভত সজাগতামূলক সভা

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ কাজলগাঁৱস্থিত উপেন্দ্ৰ নাথ ব্ৰহ্ম মহাবিদ্যালয়ত বৃহস্পতিবাৰে লিংগ বৈষম্য আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে কলেজীয়া ছাত্ৰ ছাত্ৰীৰ মাজত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় ৷ চিৰাং জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ আৰু চিৰাং জিলা আৰক্ষী প্ৰশাসনৰ যৌথ উদ্যোগত তথা উপেন্দ্ৰ নাথ ব্ৰহ্ম মহাবিদ্যালয়ৰ ৰেগিং বিৰোধী কোষ আৰু মহিলা কোষৰ সহযোগত আয়োজন কৰা হয় এই অনুষ্ঠানৰ।

অনুষ্ঠানত চিৰাং জিলাৰ উপ আৰক্ষী অধীক্ষক দিগন্ত দত্তই ভাৰতীয় ন্যায় সংহিতা ২০২৩ ৰ ওপৰত ছাত্ৰ ছাত্ৰী সকলৰ মাজত মন্তব্য ৰাখে ৷ সজাগতা সভাত চিৰাং জিলা মহিলা আৰু শিশু কল্যাণ বিভাগৰ জিলা মিছন সমন্বয়ক শ্ৰাই শ্ৰাই ওৱাৰীয়ে লিংগ বৈষম্য দুৰ কৰাৰ বাবে বিভাগে লোৱা এশ দিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে আজি কাজলগাঁৱৰ উপেন্দ্ৰ নাথ ব্ৰহ্ম মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত লিংগ বৈষম্য আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে আলোচনা দাঙি ধৰে ৷

অনুষ্ঠানত নাৰী সৱলীকৰণৰ হকে কাম কৰি অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী সংগঠন কোশী লোক মঞ্চক জিলা সমন্বয়ক মাইনাও বসুমতাৰী, উপেন্দ্ৰ নাথ ব্ৰহ্ম মহাবিদ্যালয়ৰ মহিলা কোষৰ সমন্বয়ক নিৰুপমা মুছাহাৰী, ৰেগিং বিৰোধী কোষৰ সমন্বয়ক প্ৰাণজিত ব্ৰহ্মৰ লগতে কেবাজনো সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

Also Read: চিৰাঙত মুখ্যমন্ত্ৰীৰ 'নিযুত মইনা আঁচনি'ৰ শুভাৰম্ভ

UN Brahma College chirang