চিৰাঙত মুখ্যমন্ত্ৰীৰ 'নিযুত মইনা আঁচনি'ৰ শুভাৰম্ভ

চিৰাঙত মুখ্যমন্ত্ৰীৰ 'নিযুত মইনা আঁচনি'ৰ শুভাৰম্ভ

author-image
Asomiya Pratidin
New Update
চিৰাঙত মুখ্যমন্ত্ৰীৰ 'নিযুত মইনা আঁচনি'ৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, চিৰাং : ৰাজ্য চৰকাৰে উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধি কৰা, অধিক সংখ্যক ছাত্ৰীৰ বাবে উচ্চ শিক্ষা লাভৰ বাট প্ৰশস্ত কৰা আৰু বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ উদ্দেশ্যেৰে চলিত বছৰৰ পৰা আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিখন বৃহস্পতিবাৰে চিৰাং জিলাতো শুভাৰম্ভ কৰা হয় ৷ চিৰাং জিলাৰ কাজলগাঁৱস্থিত উপেন্দ্ৰ নাথ ব্ৰহ্ম মহাবিদ্যালয়ত জিলা প্ৰশাসন লগতে জিলা শিক্ষা বিভাগৰ দ্বাৰা আয়োজিত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম।

Advertisment

লগতে এই আঁচনিখনিৰ শুভাৰম্ভ কৰে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷ চিৰাং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱে সঞ্চালনা কৰা অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই চিৰাং জিলাৰ আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে ।

ইয়াৰ পিছত মুখ্য অতিথি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিশিষ্ট অতিথি বিজনীৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী আৰু জিলা আয়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডীয়ে উপস্থিত হিতাধিকাৰী ছাত্ৰীসকলৰ মাজত প্ৰপত্ৰ বিতৰণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে । ভাষণ প্ৰসংগত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৰাজ্যখনৰ কন্যা শিক্ষাৰ্থীৰ উচ্চ শিক্ষাত সহায় হোৱাকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপক আদৰণি জনায় ৷

অসম চৰকাৰৰ এই নতুন আচঁনিৰ জৰিয়তে বিদ্যালয় তথা মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী সকলৰ অধ্যয়নত সহায়ক হ'ব, নাৰী শিক্ষাৰ হাৰ বৃদ্ধি তথা বাল্যবিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত এই বিশেষ ভূমিকা পালন কৰিব বুলি তেওঁ মন্তব্য কৰে ৷ উল্লেখযোগ্য যে, চিৰাং জিলাত মুঠ ২৬ খন উচ্চতৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ৩৫২০ গৰাকী গৰাকী ছাত্ৰীলৈ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব ৷

বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰা আজিৰ এই নিযুত মইনা আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত বিজনীৰ প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰী, জিলা আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, উপেন্দ্ৰ নাথ ব্ৰহ্ম মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নীল পদ্মিনী ৰাভাই অংশগ্ৰহণ কৰে ৷

Also Read: কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন দক্ষিণ এছিয়া...

chirang