বিকৃত ৰূপত অসমীয়া ভাষাক উপস্থাপন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

বিকৃত ৰূপত অসমীয়া ভাষাক উপস্থাপন  ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

ডিজিটেল সংবাদ, চিৰাং : এইবাৰ কোনো ব্যক্তিগত খণ্ডৰ বিজ্ঞাপনত নহয় বৰঞ্চ ভাৰত চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সংস্থাৰ দ্বাৰা অসম মূলুকতে অসমীয়া ভাষাক বিকৃত ৰূপত উপস্থাপন কৰি চৰম অপমান কৰাৰ ঘটনা সংঘটিত হৈছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHA)ৰ দৰে ভাৰত চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ সংস্থাৰ দ্বাৰা অসমতে অসমীয়া ভাষাক বিভ্ৰান্তিকৰ ৰূপত উপস্থাপন কৰা বিষয়টো লৈ বৰ্তমান বিভিন্ন সামাজিক মাধ্যমত চলিছে ব্যাপক চৰ্চা চলি থকা পৰিলক্ষিত হৈছে ।

চিৰাং জিলাৰ চিদলী-সুন্দৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নতুনকৈ লগোৱা নাম ফলক (চাইনবৰ্ড)ত অসমীয়া ভাষা ভুলকৈ লিখা দেখা গৈছে। চাইনবোৰ্ড ঠাইৰ অসমীয়া বানানসমূহ ভুলকৈ লিখা পৰিলক্ষিত হৈছে। অসমতে এইদৰে অসমীয়া ভাষাত চৰম অপমানিত হোৱা দেখি স্থানীয় দল সংগঠনৰ লগতে সচেতন লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অসম সাহিত্য সভাৰ চিৰা জিলা সমিতিৰ সাধাৰণ সম্পাদক দেৱান গাজী মোস্তাফাই কয় যে আমাৰ অসমতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দৰে এটা সংস্থাৰ দ্বাৰা নাম ফলকত অসমীয়া ভাষাক বিকৃত ৰূপত উপস্থাপন কৰা আমাৰ দৃষ্টি গোচৰ হৈছে । এই ঘটনাক তেখেত কঠোৰ ভাষাৰে নিন্দা কৰে আৰু ইয়াক অসমীয়া ভাষাক ধ্বংস কৰাৰ এক নিকৃষ্ট ষড়যন্ত্ৰ বুলি অভিহিত কৰে।

অসমত অসমীয়া ভাষাক এইদৰে অপমান কৰা ঘটনা অসম সাহিত্য সভাই কেতিয়াও সহ্য কৰা নহ'ব । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই ক্ষেত্ৰত যদি কাৰ্য্যকৰী হোৱাকৈ যদি কোনো ব্যবস্থা গ্ৰহণ নকৰে তেনেহ'লে অসম সাহিত্য সভাৰ চিৰাং সমিতি হাত সাৱতি বহি নাথাকে । প্ৰয়োজনত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে।

ইপিনে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, চিৰাং জিলা সমিতিৰ ফালৰ পৰাও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু যিমান সোনকালে সম্ভৱ অসমীয়া ভাষাক বিভ্ৰান্তিকৰ ৰূপত উপস্থাপন কৰা চাইনবৰ্ড সমূহ আঁতৰাই দি শুদ্ধ ৰূপত পুনৰ চাইনবৰ্ড কেইটা লগোৱাৰ ব্যবস্থা কৰিব লাগে।এইক্ষেত্ৰত অসম চৰকাৰৰ হস্তক্ষেপ দাবী কৰে ।

চিদলী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক বিজয় কৃষ্ণ বৰ্মনে কয় যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দ্বাৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বিভিন্ন পথৰ দিশ নিৰ্দেশনা নামফলক মূলত ইংৰাজী আৰু অসমীয়া ভাষাত লিখা হৈছে । তাৰে ইংৰাজী ভাষাৰ বানান সম্পূৰ্ণ শুদ্ধ ভাবে লিখা হৈছে কিন্তু আমি বিপৰীতে অসমীয়া ভাষা ভুলকৈ লিখা হৈছে।

বিকৃত ৰূপত অসমীয়া ভাষাক উপস্থাপন  ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
'ষ্টৰীটেল'ৰ ষ্টৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in