/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/041a0a00-a02b-41a7-b6ec-440f4dc13db5/362.jpg)
ডিজিটেল সংবাদ,চিৰাং : দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ মুক্ত বিটিআৰ গঠনৰ সপোন দেখুওৱা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ইউপিপিএল দল ভিতৰতে মুকলিকৈ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ সংঘটিত গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ইউপিপিএল দলৰ মনোনীত ভিচিডিচিৰ সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ইউপিপিএল দলৰে একাংশ নেতা-কৰ্মী ওলাই আহি উগ্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে।
দুৰ্নীতিগ্ৰস্ত ভিচিডিচি সভাপতিগৰাকীৰ বিৰুদ্ধে দলৰ ঊৰ্দ্ধতন কৰ্তৃপক্ষক অভিযোগ কৰাৰ পিছতো দলে কোনোধৰণৰ অনুশাসনমূলক ব্যবস্থা গ্ৰহণ নকৰাত ক্ষুদ্ধ দলীয় কৰ্মী। সেয়ে কৰ্মী আৰু ৰাইজে দলে-বলে ওলাই আহি ভিচিডিচি কাৰ্যালয়ৰ তলা ভাঙি নিজাববীয়াকৈ তলা মাৰি বন্ধ কৰি দিয়ে।
চৰকাৰী জনকল্যাণমূলক আচঁনি ৰূপায়ণৰ নামত সংঘটিত কৰা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰক কেন্দ্ৰ কৰি ইউপিপিএল দলৰ মজিয়াতে এই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত তথা চিদলী-চিৰাং উন্নয়ন খণ্ডৰ অন্তৰ্গত পাটাবাৰী ভিচিডিচি কাৰ্যালয়ত। লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দলৰ ভিতৰতে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ উত্থাপন কৰি ভিচিডিচি কাৰ্যালয় তলাবন্ধ কৰা ঘটনাক কেন্দ্ৰ ইউপিপিএল দলৰ মাজতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/6a0e25e8-e354-41b3-a05d-d162b1c3117a/4a3b6031_67a2_4445_8847_148d4aa7372e.jpg)
কাৰণ দুৰ্নীতিগ্ৰস্ত ভিচিডিচি সভাপতিগৰাকীৰ বিৰুদ্ধে মুকলিকৈ দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো দলৰে জিলা পৰ্য্যায়ৰ একাংশ নেতাই ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ, এমজিএনৰেগাকে ধৰি চৰকাৰৰ অন্যান্য উন্নয়নমূলক আঁচনি ৰূপায়ন কৰাৰ নামত ব্যাপক হাৰত দুৰ্নীতি সংঘটিত কৰি হিতাধিকাৰী তথা আচঁনিৰ ধন আত্মসাৎ কৰা দুৰ্নীতিগ্ৰস্ত ভিচিডিচি সভাপতি নুমেল নাৰ্জাৰী।
নাৰ্জাৰীক ভিচিডিচিৰ সভাপতি পদৰ পৰা অপসাৰণ নকৰা পৰ্যন্ত ভিচিডিচি কাৰ্যালয় তলা বন্ধ কৰি ৰখা সিদ্ধান্ত ইউপিপিএল দলৰ পাটাবাৰী প্ৰাথমিক সমিতিৰ। উল্লেখ কৰা প্ৰয়োজন যে, পৰিৱৰ্তনৰ লগতে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ মুক্ত বিটিআৰ গঠন কৰাৰ প্ৰতিশ্ৰুতিৰে হাগ্ৰামা মহিলাৰীৰ ১৭ শাসন ব্যৱস্থাক ওফৰাই পেলাই বিটিচিৰ শাসনভাৰ লাভ কৰিছিল প্ৰমোদ বড়োৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/cade0b95-5dd8-49f4-baab-c2175146e159/6aa04645_402c_4d7b_94a6_a26b88af070f.jpg)
বিটিআৰত দুখীয়া দৰিদ্ৰ লোকৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ কৰাৰ নামত ব্যাপক হাৰত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ সংঘটিত কৰাৰ তথ্য ইউপিপিএল দলৰ লোক সকলেই উদঙাই দিয়াৰ পিছত প্ৰমোদ বড়োই কি ব্যবস্থা কৰে এয়াই লক্ষ্যনীয় হ'ব বুলি বিবেচিত হৈছে।
উল্লেখ্য যে পাটাবাৰী ভিচিডিচিৰ সভাপতি নুমেল নাৰ্জাৰী আৰু সদস্য মণি ভূজেলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ২০ জনতকৈ অধিক হিতাধিকাৰীৰ পৰা ব্যাপক অনিয়মৰ মাজেৰে কৌশলপূৰ্ণভাৱে দুটা কিস্তিৰ ধন হস্তগত কৰি দুবছৰে আধৰুৱা অৱস্থাত পেলাই ৰাখিছে। দুখীয়া দৰিদ্ৰ হিতাধিকাৰী সকলে নিজৰ নামত চৰকাৰী গৃহ আবন্টিত হোৱাৰ পিছতো ঘৰ পাব নে নাই চৰম অনিশ্চয়তাৰ মাজত ভুগি আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/f52cab58-e6b5-4831-98f5-2399af03d281/d867b307_7c2e_42d2_8291_ff7b1d2b7d03.jpg)
এই সমগ্ৰ বিষয়টোক লৈ বিটিআৰ ৰ শাসকীয় দল ইউপিপিএলৰ পাটাবাৰী প্ৰাথমিক সমিতিয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ হস্তক্ষেপ দাবী কৰিছে । কাৰণ পৰিৱৰ্তনৰ নাম লৈ চৰকাৰ গঠন কৰা দলৰ একাংশ দুৰ্নীতিগ্ৰস্ত লোকৰ বাবে যদি দলৰ বদনাম হয়,সেয়া তেওঁলোকে বিচৰা নাই । সেয়ে এইক্ষেত্ৰত কঠোৰ ব্যবস্থা গ্ৰহণ কৰি দুখীয়া লোকসকলৰ আধৰুৱা ঘৰসমূহ অতিশীঘ্ৰেই বনাই দিয়াৰ দাবী উত্থাপন কৰিছে ।
Also Read: কচুৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান