কচুৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

কচুৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

author-image
Asomiya Pratidin
New Update
কচুৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ডিজিটেল সংবাদ,কচুৱা : কচুৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত কচুৱা থানাৰ অন্তৰ্গত লুটুমাৰী পাহাৰতলিৰ পৰা এজন লোকক আটক কৰে। কচুৱা থানাৰ আৰক্ষী বিষয়া অচ্যুত কৃষ্ণ ফুকন আৰু এছ আই লক্ষ্যজ্যোতি গগৈৰ নেতৃত্বত চলিছিল এই অভিযান।

Advertisment

উক্ত অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা  ২১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে। জব্দকৃত ড্ৰাগছখিনিৰ পৰিমাণ ২৭.২১ গ্ৰাম বুলি আৰক্ষীয়ে জনায়। আনহাতে আটক কৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম আজিজুল ইছলাম। ড্ৰাগছ সৰবৰাহকাৰীজনক তদন্ত কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰে।

Also Read: কংগ্ৰেছক বিদায় ৰাণা গোস্বামীৰ : গেৰুৱা বসন পিন্ধাৰ পূৰ্ণ সম্ভাৱনা

crime Assam police