কাজলগাঁৱত জনজাতিকৰণৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্য্যসূচী

কাজলগাঁৱত জনজাতিকৰণৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্য্যসূচী

author-image
Asomiya Pratidin
New Update
কাজলগাঁৱত জনজাতিকৰণৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্য্যসূচী

ডিজিটেল সংবাদ,চিৰাং : অসমত বসবাস কৰা আদিবাসীসকলক জনজাতি মৰ্যদা প্ৰদান কৰাৰ দাবীত অসম আদিবাসী ছাত্ৰ সন্থাই ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে। মঙলবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ সংগঠনটোৰ কেইবাজনো কেন্দ্ৰীয় আৰু জিলা সমিতিৰ নেতৃবৰ্গৰ উপস্থিতিত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ।

Advertisment

অসমৰ আদিবাসীসকলক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা, অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীক চাহ জনজাতি বা প্ৰাক্তন চাহ জনজাতি চাহ বাগিচাৰ শ্ৰমিক ইত্যাদি নামৰ সলনি আদিবাসী চাওঁতাল, উৰাং, মুণ্ডা, গড় খাৰিয়া ইত্যাদি নামেৰে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান, চৰকাৰী অনুমোদিত বনগাঁৱত যুগ যুগ ধৰি বসবাস কৰা আদিবাসীসকলক ভূমিপট্টা প্ৰদান আদিৰ দাবীৰে এই কাৰ্যসূচী ৰূপায়ণ কৰে।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ উদ্যোগত কেইবা শতাধিক আদিবাসী লোকে ৩ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে । আজি আছাৰ এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত আছাৰ সদস্যসকলৰ উপৰি আদিবাসী সেঙ্গেল অভিযানেও সহযোগিতা আগবঢ়ায়। ধৰ্ণা কাৰ্য্যসূচীৰ অন্তত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতি ফালৰ পৰা জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান কৰে ।

Also Read: হ্ৰাস কৰিলে ৰন্ধন গেছ চিলিণ্ডাৰ দাম !

chirang tribalisation