হ্ৰাস কৰিলে ৰন্ধন গেছ চিলিণ্ডাৰ দাম !

হ্ৰাস কৰিলে ৰন্ধন গেছ চিলিণ্ডাৰ দাম !

author-image
Asomiya Pratidin
New Update
হ্ৰাস কৰিলে ৰন্ধন গেছ চিলিণ্ডাৰ দাম !

ডিজিটেল ডেস্ক : দামবৃদ্ধিয়ে জুৰুলা কৰা জনতাৰ বাবে ভাল খবৰ। কিয়নো পূৰ্বৰ নিৰিখ অনুসৰি ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা হৈছে।

Advertisment

মঙলবাৰে লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এই কথা প্ৰকাশ কৰে। উজলা আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলে লাভ কৰিব ২০০ টকাৰ ৰাজসাহাৰ্য। উল্লেখ্য যে, এই হিতাধিকাৰীসকলে পূৰ্বৰ পৰাই লাভ কৰি আছিল ২০০ টকাৰ ৰাজ সাহাৰ্য। পূৰ্ব আৰু বৰ্তমানৰ ৰাজসাহাৰ্য মিলি সৰ্বমুঠ প্ৰতিটো এল পি জি চিলিণ্ডাৰত ৪০০ টকা ৰাজসাহৰ্য লাভ কৰিব। বিপৰীতে আন গ্ৰাহকসকলে ২০০ টকা ৰাজসাহাৰ্য পাব বুলি উল্লেখ কৰে।

ৰাখী বন্ধন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এই সিদ্ধান্ত লোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী ঠাকুৰে উল্লেখ কৰে। ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে কয় যে, অনাগত সময়ত দেশৰ মহিলাসকলৰ সুবিধাৰ্থে ৭৫ লাখ গেছ সংযোগ কৰাৰ এক আঁচনি হাতত লৈছে। এই আঁচনিৰ বাবে কেন্দ্ৰই ৭,৬৮০ কোটি টকা ধাৰ্য কৰিছে বুলি উল্লেখ কৰে।

Also Read: 'কা' আন্দোলনৰ সময়ত জুবিনে চৰকাৰী এজেণ্টৰূপে কাম কৰিছিল : অ জা পৰ সম্পাদক ৰাজু ফুকন

anurag thakur LPG CYLINDER