কোকৰাঝাৰত আদিবাসী সংগঠনৰ ধৰ্ণা

কোকৰাঝাৰত আদিবাসী সংগঠনৰ ধৰ্ণা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত বৃহস্পতিবাৰে খিলঞ্জীয়া আৰু ভূমিৰ অধিকাৰ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু আছা, আচু, আকছু আদি আদিবাসী সংগঠনসমূহৰ সহযোগত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত ৩ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় । ৰাতিপুৱা ১১ বজাৰ পৰা ২ বজালৈ অনুষ্ঠিত হোৱা ৩ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আদিবাসীসকলৰ সমস্যাসমুহ সমাধানৰ দাবী তোলে।

অসমৰ খিলঞ্জীয়া আদিবাসীসকলক জনজাতিকৰণ কৰা, বন অধিকাৰ আইন ২০০৬ অনুসৰি আদিৱাসীসকলক মাটিৰ পট্টা প্ৰদান কৰা আৰু আদিবাসীসকলক চাহ জনজাতিৰ স্বীকৃতিৰ সলনি চাওতাল বুলি স্বীকৃতি দি জাতিগত প্ৰমান পত্ৰ দিয়াৰ দাবীত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৩ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত কেবা শতাধিক আদিৱাসী লোকে হাতে হাতে বেনাৰ -ফেষ্টুন -প্লেকাৰ্ড লৈ অংশগ্ৰহণ কৰি "ইউপিপিএল গ' বেক", "বিজেপি গ' বেক", "আমাক ন্যায় লাগে" আদি শ্লোগানেৰে কোকৰাঝাৰ সদৰ চহৰৰ পৰিৱেশ মুখৰিত কৰি তোলে।

ইপিনে ধৰ্ণাৰ অন্তত সন্থাৰ সভাপতি পল টুডু, সম্পাদক ললিত হেমব্ৰম আৰু আদিবাসী নেতা বয়েল হেমব্ৰমে কয় যে, নিৰ্বাচনৰ পূৰ্বে ৮০ শতাংশ আদিবাসীয়ে মাটিৰ পট্টা নাপালে অনাগত নিৰ্বাচনত উচিত শিক্ষা দিয়া হ'ব। বিটিআৰত থকা আদিবাসীসকলক মাটিৰ পট্টা দিয়া নাই অথচ আন জনজাতিক বন অধিকাৰ আইনৰ অধীনত মাটিৰ পট্টা দি থকাৰ কথাটো লক্ষ্য কৰা হৈছে বুলি মন্তব্য কৰি বন অধিকাৰ আইনৰ পৰা আদিবাসীক বঞ্চিত কৰা হৈছে।

প্ৰকৃততে অসম তথা বিটিআৰত আদিবাসীক মাটিৰ পট্টা দিয়া হৈছে বুলি ভুৱা অপপ্ৰচাৰ চলোৱা হৈছে। প্ৰতিবাৰ নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়ে কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হয় বুলি আদিবাসী নেতাসকলে মন্তব্য কৰি আদিবাসীক মাটিৰ পট্টা নিদিলে বিটিআৰ তথা অসম বাংলাদেশীৰ চৰণীয়া পথাৰ হ'ব।

নিৰ্বাচনৰ পূৰ্বে বিটিচি চৰকাৰে মাত্ৰ ৮০৮ টা পৰিয়ালক মাটিৰ পট্টা দিব বিচাৰিছে বুলি উল্লেখ কৰি পল টুডুৱে বিটিআৰক কি অকল ৮০৮ টা আদিবাসী পৰিয়াল আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে। নিৰ্বাচনৰ পূৰ্বে আদিবাসীৰ সমস্যা সমাধান নকৰিলে অনাগত নিৰ্বাচনত আদিবাসী জনতাই ভোট বৰ্জন তথা বিশেষ ৰাজনৈতিক দলক উচিত প্ৰত্যুত্তোৰ দিয়া হ'ব বুলি মন্তব্য কৰিছে।

কোকৰাঝাৰত আদিবাসী সংগঠনৰ ধৰ্ণা
নিজৰ সতীৰ্থকে ডেপুটেচনত পঠাই হাগ্ৰামা মহিলাৰীয়ে : প্ৰমোদ বড়ো

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in