
ডিজিটেল সংবাদ,তামুলপুৰঃ শুকুৰবাৰে তামুলপুৰ মহাবিদ্যালয় (বৰনগৰ) আৰু তামুলপুৰ স্নাতক মহাবিদ্যালয়ত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিংকক বৰ্খাস্ত কৰাৰ দাবীত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ এবছু লং লাইভ, আমাক ন্যায় লাগে, বডোলেণ্ড ইউনিভাৰ্চিটি ৰক্ষা কৰক, ছাত্ৰছাত্ৰীৰ লগত হেতালি খেলা বন্ধ কৰক, লাইশ্ৰাম লাড্ডু সিং হায় হায়, লাইশ্ৰাম লাড্ডু সিং গো বেক আদি শ্লোগান দি উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।
প্ৰতিবাদকাৰী সকলে লাইশ্ৰাম লাড্ডু সিংক বৰ্খাস্ত কৰাৰ দাবী তোলে ৷ যেতিয়ালৈকে চৰকাৰে এই দাবী মানি নলয় তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদ কৰি যাব বুলি কোৱাৰ লগতে এবছুয়ে ইয়াতকৈ আৰু ভয়াবহ আন্দোলন কৰিব বুলি চৰকাৰক সকিয়াই দিয়ে ৷ আজিৰ ধৰ্ণা কাৰ্যসূচীত তামুলপুৰ জিলা এবছুুৰ সভাপতি বানেশ্বৰ নাৰ্জাৰীৰ নেতৃত্বত অনুষ্ঠিত উক্ত ধৰ্ণা কাৰ্যসূচীত তামুলপুৰ, কুমাৰীকাটাকে আদি কৰি বিভিন্ন আঞ্চলিকৰ এৱছু নেতা কৰ্মী আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।