/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/57aad0e0-e9b2-4f98-a74b-d0ed1acdb47e/sd.jpg)
ডিজিটেল সংবাদ, চিদলী: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জনক অপসাৰণ কৰাৰ দাবীত শুকুৰবাৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুই চিৰাং জিলাৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ত এক ঘন্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখ্য বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিতৰ্কিত উপাচাৰ্য্য জনক অপসাৰণ কৰাৰ দাবীত আজি চিৰাং জিলা এবছুৰ উদ্যোগত আৰু বাসুগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাডু সিঙক অতিশীঘ্ৰে অপসাৰণ কৰক, বড়োলেণ্ড বিশ্ববিদ্যালয় ৰক্ষা কৰক, ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ভবিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত উপাচাৰ্য্য লাডু সিঙক অপসাৰণ কৰক, উপাচাৰ্য্যক অপসাৰণ নকৰালৈকে আমি ক্ষান্ত নহও, এবছু জিন্দাবাদ, আদি শ্লোগানেৰে প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে । আজি এবছুৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত বিদ্যালয়ৰ শিক্ষাদান প্ৰক্ৰিয়া কিছু সময়ৰ বাবে স্থগিত হৈ পৰে ।
আজি বাসুগাঁও মহাবিদ্যালয়ৰ উপৰি চিৰাং জিলাৰ প্ৰতিটো মহাবিদ্যালয়ৰ শাখা এবছু উদ্যোগত আৰু বাসুগাঁও, ৰুণীখাতা, বেংতল, কাজলগাঁও আঞ্চলিক এবছুৰ সহযোগত পৃথকে বাসুগাঁও মহাবিদ্যালয়ৰ উপৰি বেংতল মহাবিদ্যালয়, ৰুণীখাতাৰ শোভাৰাম মেমোৰিয়েল কলেজ আৰু কাজলগাঁৱৰ ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলে নিজ নিজ মহাবিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত অবস্থান কৰি এক ঘন্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। আজি বাসুগাঁও মহাবিদ্যালয়ৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি চিৰাং জিলা এবছুৰ নেতা তাৰাচাঁদ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলৰ গুণগত শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ নকৰি কেৱল নিজৰ খেয়াল খুছি মতে কাম কৰাৰ লগতে নিজৰ লাভালাভ চিন্তা কৰা কৰি কাম কৰি থকা পৰিলক্ষিত হৈছে ।
লগতে কয় যে,তেখেতৰ এনেধৰনৰ কিছু খামখেয়ালী ভৰা সিদ্ধান্তৰ ফলত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থা চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে। একে সময়তে উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষা ভৱিষ্যতৰ এই অনিশ্চয়তাৰ মাজত ঠেলি দিয়া এই গৰাকী দুৰ্নীতিগ্ৰস্থ তথা অযোগ্য ব্যক্তিক বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে থকাটো কেতিয়াও মানি লব পৰা নাযায়, যাৰ কাৰণে আমি এই উপাচাৰ্য্য গৰাকীৰ অপসাৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো।
আশা কৰো বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলৰ ভবিষ্যতৰ কথা চিন্তা কৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য্য তথা ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে এইক্ষেত্ৰত এক যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিব ।
Also Read: নৃশংস! মাতৃয়ে পানীত বুৰাই হত্যা কৰিলে দুই কনমানিক