'NIA ৰ আদালতে শুনানিৰ নামত প্ৰাক্তন NDFB ক চলাইছে মানসিক হাৰাশাস্তি'-এবছু

'NIA ৰ আদালতে শুনানিৰ নামত প্ৰাক্তন NDFB ক চলাইছে মানসিক হাৰাশাস্তি'-এবছু
'NIA ৰ আদালতে শুনানিৰ নামত প্ৰাক্তন NDFB ক চলাইছে মানসিক হাৰাশাস্তি'-এবছু

ডিজিটেল সংবাদ কোকৰাঝাৰঃ 'বি টি আৰ শান্তি চুক্তি সম্পন্ন হোৱাৰ পিছতো এন আই এৰ আদালতে শুনানি আৰু বিচাৰৰ নামত প্ৰাক্তন এন ডি এফ বিৰ নেতা কেডাৰসকলক হাৰাশাস্তি চলাইছে।' এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ৷

কোকৰাঝাৰ সদৰ চহৰৰ বাগানশালীস্থিত এবছুৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয় বডোফা হাউছত আজি আয়োজিত হোৱা এক সংবাদমেলত সম্বোধন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োই উক্ত মন্তব্য প্ৰকাশ কৰে। বি টি আৰ শান্তি চুক্তিৰ পিছতো প্ৰাক্তন এন ডি এফ বিৰ নেতা- কেডাৰসকলক এন আই এৰ আদালতত শুনানি আৰু বিচাৰৰ নামত হাৰাশাস্তি চলাই থকাটো দুৰ্ভাগ্যজনক আখ্যা দি প্ৰাক্তন এন ডি এফ বিৰ ওপৰত চলা হাৰাশাস্তি বন্ধ কৰিবলৈ আহ্বান জনাইছে।

সংবাদমেলত দ্বীপেন বড়োয়ে কয় যে, বিটিআৰ চুক্তি অনুসৰি লঘু আৰু গুৰুতৰ গোচৰত অভিযুক্ত প্ৰাক্তন এন ডি এফ বিৰ নেতা সদস্যসকলৰ গোচৰসমূহ নিস্পত্তি কৰিব লাগিছিল যদিও এতিয়াও বহু গোচৰ নিস্পত্তি নোহোৱাকৈ পৰি আছে। বি টি আৰ শান্তি চুক্তিৰ পিছত চুক্তি মৰ্মে প্ৰাক্তন এন ডি এফ বিৰ সকলো গোচৰ নিস্পত্তি হ'ব লাগিছিল যদিও চি বি আইত অভিযুক্ত হৈ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হোৱা এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী লগতে জৰ্জ বড়ো, ৰিফিখাং বৰগয়াৰীসহ সৰ্বমুঠ ৬৩ গৰাকী প্ৰাক্তন এন ডি এফ বিৰ সদস্য গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে ৷

সেয়ে বন্ধ কুঠৰিত থকা ৰঞ্জন দৈমাৰীসহ ৬৩ গৰাকী প্ৰাক্তন এন ডিএফ বিক জে'লৰ পৰা মুকলি আকাশৰ তললৈ অনাৰ দাবী উত্থাপন কৰিছে এবছুৱে। কেন্দ্ৰীয় চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে আৰু চুক্তিৰ আধাৰত সমগ্ৰ বিষয়টো নিস্পত্তি কৰিব লাগে বুলি বুলি মন্তব্য কৰি এবছুৱে এই সন্দৰ্ভত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক দাবী সম্বলিত এখন এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি সদৰি কৰে ।

তদুপৰি প্ৰাক্তন এনডিএফবিৰ ওপৰত এন আই এয়ে সময়ে সময়ে শুনানিৰ নামত মানসিক হাৰাশাস্তি চলোৱাৰ প্ৰতিবাদকল্পে অহা ২৯ মে’ত বি টি আৰৰ সদৰ কোকৰাঝাৰত এক ধৰ্ণা কাৰ্যসূচী হাতত ল'ব বুলি সদৰী কৰিছে ৷ ইপিনে বি টি আৰ শান্তি চুক্তি মৰ্মে ষষ্ঠ অনুসূচীৰ বাহিৰৰ বড়ো জনগোষ্ঠীৰ আশা আকাংক্ষাৰে গঠন হোৱা বড়ো কছাৰী কল্যাণ পৰিষদত বিগত তিনিটা বছৰে পৰিষদত গাঁও অন্তৰ্ভুক্তিকৰণ, সমষ্টি গঠন আৰু নিৰ্বাচন অনুষ্ঠিত নকৰাত এবছুই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই অহা ৮ মে’ত ৰাজ্যজুৰি আহ্বান দিয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী আজি বাতিল কৰাৰ কথা সংবাদমেলত সদৰি কৰিছে দ্বীপেন বড়োৱে ৷

অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগে বড়ো কছাৰী কল্যাণ স্বায়ত্ব পৰিষদত গাঁও অন্তৰ্ভুক্তিৰ বাবে খচৰা অধিসূচনা জাৰি কৰিছে আৰু আজিৰে পৰা অৰ্থাৎ ৫ মে’ৰ পৰা ১২ মে’লৈ ওজৰ-আপত্তিৰ শুনানি লোৱা হ'ব বুলি অধিসূচনাত উল্লেখ কৰাৰ বাবেই অহা ৮ মে’ত ৰাজ্যজুৰি আহ্বান জনোৱা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী বাতিল কৰা হৈছে বুলি সদৰি কৰিছে। এবছুৱে পৰিষদখনত সমষ্টি নিৰ্ধাৰণ কৰি অতি সোনকালে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে ৷

ইপিনে মণিপুৰৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ বাবে দৃঢ় পদক্ষেপ ল'বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে এবছুৱে ৷ আজিৰ সংবাদমেলত এবছুৰ উপ-সভাপতি খৌৰৌমদাও ওৱাৰী আৰু সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী সহ ছাত্ৰ সংগঠনটোৰ কেবাগৰাকী শীৰ্ষ নেতা সংবাদমেলত উপস্থিত আছিল ৷

'NIA ৰ আদালতে শুনানিৰ নামত প্ৰাক্তন NDFB ক চলাইছে মানসিক হাৰাশাস্তি'-এবছু
UPPL ৰ অভিযোগঃ চিণ্ডিকেটৰ ধনেৰে টকাৰ পাহাৰ বনাইছিল হাগ্ৰামা মহিলাৰীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in