ওদালগুৰিত এবছুৰ কেন্দ্ৰীয় নাৰী দিৱস পালন
ওদালগুৰিত এবছুৰ কেন্দ্ৰীয় নাৰী দিৱস পালন

ওদালগুৰিত এবছুৰ কেন্দ্ৰীয় নাৰী দিৱস পালন

বাল্যবিৱাহ, ডাইনী হত্যা, নাৰী সৰবৰাহ বন্ধ হব লাগিবঃ দ্বীপেন বড়ো

ডিজিটেল সংবাদ ওদালগুৰিঃ "সমাজৰ পৰা মানৱ সৰবৰাহ নাৰী সৰবৰাহ বন্ধ হ'ব লাগিব, ডাইনী হত্যা বন্ধ হ'ব লাগিব, বাল্যবিবাহ বন্ধ হ'ব লাগিব লগতে নাৰীসকলে সমাজত সমতাৰে জীৱন নিৰ্বাহ কৰিব লাগিব।" এই মন্তব্য নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৰ।

সংগঠনটোৱে ওদালগুৰি জিলা এবছুৰ সহযোগত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি মহাবিদ্যালয় চৌহদত নাৰী দিৱস পালন কৰে। সেই অনুসৰি শুকুৰবাৰে পুৱা এবছুৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে।

ইয়াৰ পাছতে বড়ো জাতিৰ পিতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তথা পুষ্পাঞ্জলি অৰ্পন কৰা হ'ব। প্ৰথমগৰাকী বড়ো মহিলা শ্বহীদ গাইদে বসুমতাৰী আৰু হেলেনা বসুমতাৰীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তথা পুষ্পাঞ্জলি অৰ্পন কৰা হয়।

পুৱা প্ৰায় ৯ বজাত কেইৱাগৰাকীও বিশিষ্ট আমন্ত্ৰিত লোকৰ উপস্থিতিত ঐক্য আৰু শান্তিৰ হকে পাৰ চৰাই আৰু বেলুন উৰুওৱা হয়। ১০ বজাত উলিওৱা হয় এক সজাগতা সমদল। যি সমদলত হাতে হাতে প্লেকাৰ্ড লৈ কেইৱা শতাধিক মহিলাই "মহিলাৰ বিৰুদ্ধে অন্যায় বন্ধ কৰক, মানৱ সৰবৰাহ বন্ধ কৰক, বাল্যবিৱাহ বন্ধ কৰক, ডাইনী হত্যা বন্ধ কৰক" ইত্যাদি শ্লোগান প্ৰদান কৰে।

সমদলৰ অন্তত বড়ো মাতৃ সন্থাৰ আহ্বায়ক লীলা বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত "অৰ্থনৈতিক আৰু শিক্ষাৰ ন্যায়ৰ দ্বাৰা মহিলা সৱলীকৰণ" শীৰ্ষক মুকলি সভা উদ্বোধন কৰে এবছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে। উক্ত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাহিত্য অকাডেমী প্ৰাপক ড° ৰীতা বড়োৱে উপস্থিত মহিলাসকলক উদ্দেশ্যি সাৱলীল ভাষণ প্ৰদান কৰে।

তেখেতে বিভিন্ন উৎসাহজনক ভাষণেৰে মহিলাসকলৰ মনত প্ৰেৰণা দিয়াৰ চেষ্টা কৰে। উক্ত মুকলি সভাতে বিভিন্ন ক্ষেত্ৰত গৌৰৱ কঢ়িওৱা বড়ো জনগোষ্ঠীৰ মহিলাসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। আজিৰ নাৰী দিৱসৰ কাৰ্যসূচীত সাহিত্য অকাডেমী প্ৰাপক নবীন মল্ল বড়ো, নন্দেশ্বৰ দৈমাৰী, ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লুক দৈমাৰী, এবছুৰ উপ-সভাপতি খৌৰমদাও ৱাৰী, সমাজকৰ্মী ড° ঘৃতাশ্ৰী ভূঞাৰ লগতে কেইৱাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে।

আজিৰ এই নাৰী দিৱসৰ কাৰ্যসূচী সন্দৰ্ভত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে সাংবাদিকৰ আগত কয় "নাৰীসকলক আমি সন্মানৰ দৃষ্টিৰে চোৱা উচিত। বিভিন্ন ক্ষেত্ৰত নাৰীসকলৰ ওপৰত অত্যাচাৰ চলোৱা বা অপমানিত কৰাটো অনুচিত। আজিৰ নাৰীসকল পুৰুষৰ সমানে আগবাঢ়ি আহিছে। আনকি বিভিন্ন ক্ষেত্ৰত পুৰুষৰ ওপৰত গৈও নাৰীসকলে আমাৰ বাবে দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গতিকে নাৰীসকলক আমি অৱহেলাৰ দৃষ্টিৰে চোৱাটো বাদ দিব লাগে। কি অৰ্থনৈতিক, কি সামাজিক, কি ৰাজনৈতিক সকলো দিশতে আজিৰ নাৰীয়ে সফলভাৱে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। গতিকে আজিৰ নতুন প্ৰজন্মৰ ছাত্ৰী-যুৱতীসকল যাতে বেয়া পথত যাব নোৱাৰে তাৰ বাবেও আমি দৃষ্টি ৰাখিব লাগে। ইতিমধ্যে আমি এইক্ষেত্ৰত সময়ে সময়ে সজাগতা সভাও অনুষ্ঠিত কৰি আহিছো। ইয়াৰ বাবে আমি শিক্ষাৰ বিপ্লৱৰ সূচনাও কৰিব লাগিব। আমি বডোফাৰ আদৰ্শ আগত ৰাখি আগবাঢ়িব লাগিব। আজিৰ সমাজৰ মহিলাসকলক বাদ দি দেশখন আগবাঢ়িব নোৱাৰে। মহিলাসকল আগ বাঢ়িলেহে আমাৰ সমাজখন, আমাৰ দেশখন আগবাঢ়ি যাব।

ওদালগুৰিত এবছুৰ কেন্দ্ৰীয় নাৰী দিৱস পালন
তামুলপুৰৰত ভূমি বিবাদৰ কৰুণ পৰিণতিঃ জ্যেষ্ঠ ভাতৃক হত্যা কনিষ্ঠ ভাতৃৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in