/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/85bd4acf-d23a-4334-aef0-936e64bb80fe/tamulpur_8.jpg)
তামুলপুৰৰত ভূমি বিবাদৰ কৰুণ পৰিণতিঃ জ্যেষ্ঠ ভাতৃক হত্যা কনিষ্ঠ ভাতৃৰ
ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰত অঘটন। নিজ ভাতৃৰ দাৰ ঘাপাত প্ৰাণ গ'ল জেষ্ঠ ভাতৃৰ। তামুলপুৰৰ সৰু বালিশিহাত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে পৰিয়ালৰ মাজৰ ভূমি বিবাদৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সাধন দাস (৪০) নামৰ লোকজনে দাৰে ঘপিয়ালে নিজৰে জ্যেষ্ঠ ভাতৃ গণেশ দাস (৫২)ক।
ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে সাধন দাস।ইফালে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈছে মৃতদেহ উদ্ধাৰ কৰিছে। সমান্তৰালকৈ হত্যাকাৰীক বিচাৰি আৰম্ভ কৰিছে অভিযান।
Also Read: তিতাবৰ ডায়েটত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকৰ বাঁহৰ ডাষ্টবিন নিৰ্মাণ...