কোকৰাঝাৰত 'এপিডিচিএল'ৰ বিৰুদ্ধে আম আদমি পাৰ্টীৰ প্ৰতিবাদ

কোকৰাঝাৰত 'এপিডিচিএল'ৰ বিৰুদ্ধে আম আদমি পাৰ্টীৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ সঘনাই হৈ থকা লোডশ্বেডিঙৰ সমস্যা, বিদ্যুৎ কৰ্তন ৰোধ আৰু বিদ্যুৎ মাছুল হ্ৰাস কৰাৰ দাবীত কোকৰাঝাৰত আম আদমি পাৰ্টীৰ প্ৰতিবাদ - ধৰ্ণা কাৰ্যসূচী৷ কোকৰাঝাৰ এপিডিচিএল কাৰ্যালয়ৰ সন্মুখত বুধবাৰে আম আদমি পাৰ্টীয়ে ৰূপায়ণ কৰে এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণেৰে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আম আদমি পাৰ্টীয়ে ৷

প্ৰতিবাদী ধৰ্ণা কাৰ্যসুচীত আম আদমি প্ৰাৰ্টীৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ৰিনদাও ব্ৰহ্ম আৰু সম্পাদক ছামান বসুমতৰীসহ দলটোৰ অৰ্ধশতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰে৷ হাতে হাতে প্লে কাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচীত অংশ লোৱা প্ৰতিবাদকাৰীসকলে "সঘনাই বিদ্যুৎ কৰ্তন বন্ধ কৰক", "অত্যাধিক বিদ্যুৎ মাছুল হ্ৰাস কৰক", "শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা হায় হায়", "বিজেপি চৰকাৰ হায় হায়" আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

ইপিনে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশ লোৱা আম আদমি প্ৰাৰ্টীৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদকদ্বয়ে শক্তি বিভাগৰ ধাৰাবাহিক লোডশ্বেডিঙ বন্ধ কৰি জনসাধাৰণক নিয়মীয়া বিদ্যুৎ যোগান ধৰাৰ দাবী জনায় ৷

কোকৰাঝাৰত 'এপিডিচিএল'ৰ বিৰুদ্ধে আম আদমি পাৰ্টীৰ প্ৰতিবাদ
নাড্ডাৰ তলবত দিল্লীলৈ উৰা মাৰিলে ৰাজেন গোঁহাই

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in