/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/fe5add3a-55ad-4a4e-b6f2-4c8ab84b43c6/563.jpg)
ডিজিটেল সংবাদ,তামুলপুৰ : অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰদান কৰা আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত তামুলপুৰ জিলা সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সংগঠনটোৰ তামুলপুৰ জিলা সমিতিয়ে শুকুৰবাৰে তামুলপুৰ ৰাজহ চক্ৰ কাৰ্যলয়ৰ সন্মুখত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জড়িয়তে চৰকাৰক সকীয়নি প্ৰদান কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/b2ab80c6-8a44-4a57-a2ee-c1fb7c73ed9a/9847a865_2929_4998_9275_c6df0961674e.jpg)
প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰ হুছিয়াৰ, কা আমি নামানো ,আন্তঃ ৰাজ্যিক পাৰ পত্ৰ গ্ৰহণ কৰা, নৰেন্দ্ৰ মোদী হায় হায় আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে 'কা' অসমৰ জনসাধাৰণে কেতিয়াও মানি নলয় বুলি মন্তব্য কৰে ৷ জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে জিলা সমিতিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ac265d32-1cc7-488c-b60e-aac145d214f9/2752f43a_ecb7_4777_975f_7559c09848cc.jpg)
Also Read: তিনিদিনতে যৱনিকা পৰিল প্ৰথমখন টেষ্ট : হয়তো প্ৰয়োজন আছিল পূজাৰা-ৰাহানেৰ !