/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0603be14-cbce-4628-a814-d27cfbe9b630/8.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি: বীৰ লাচিত সেনাৰ ওদালগুৰি জিলা সমিতিৰ ৬ গৰাকী বিষয়বৱীয়াই বুধবাৰে সংগঠনটোৰ জিলা সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। সম্পূৰ্ণ ব্যক্তিগত কাৰণৰ কথা উল্লেখ কৰি প্ৰাক্তন মূখ্য সচিৱ গুণেশ্বৰ ৰায়, প্ৰাক্তন সাংগঠনিক সচিৱ হিৰকজ্যোতি দাস, সদস্য ক্ৰমে পংকজ বৰ্মণ, বিশ্বজিৎ মহন্ত, হীতাশ্ৰী ৰাভা আৰু হিয়া চক্ৰৱৰ্তীয়ে জিলা সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/af98085a-5a1d-4a8e-a8c3-49ee7362ca33/df166102-9440-4710-bd3e-8534956f3bd2.jpg)
ইয়াৰ পাছতে সংগঠনটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ পাছতে জিলা সমিতিয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে অব্যাহতি পত্ৰ প্ৰেৰণ কৰা ৬গৰাকী সদস্যৰে পদত্যাগ পত্ৰ জৰুৰী সভাই গ্ৰহণ কৰি অব্যাহতি প্ৰদান কৰে। উক্ত সদস্যকেইগৰাকীৰ পদত্যাগে সংগঠনটোক কোনো ধৰণৰ ক্ষতি নকৰে বুলিও বিবৃতিটোত উল্লেখ কৰে।
Also Read: বিশিষ্ট নাগৰিকক অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ বঁটা প্ৰদান ...