পাৱাৰগ্ৰীডে কাছাৰ জিলাৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে দিব ৩.৯ কোটি...

পাৱাৰগ্ৰীডে কাছাৰ জিলাৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে দিব ৩.৯ কোটি...
পাৱাৰগ্ৰীডে কাছাৰ জিলাৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে দিব ৩.৯ কোটি...

ডিজিটেল সংবাদ শিলচৰ: শিলচৰ‌ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আৰু কাছাৰ জিলাৰ স্বাস্হ্য খণ্ডৰ উন্নয়ণৰ বাবে পাৱাৰগ্ৰীড কৰ্তৃপক্ষই ৩ কোটি ৯ লাখ ২২,৪৪৪ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। এই বৃহৎ অংকৰ ধনৰাশি প্ৰদানৰ বাবে বৃহস্পতিবাৰে শিলচৰ পাৱাৰগ্ৰিড আৰু কাছাৰ প্ৰশাসনৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰা হয়।

কাছাৰ প্ৰশাসনৰৰ হৈ এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ‌ প্ৰদান কৰে জিলা উন্নয়ণ আয়ুক্ত ৰাজীব ৰয় আৰু পাৱাৰগ্ৰীডৰ এইছ আৰ অঞ্জন চ্যানালে। পাৱাৰগ্ৰীডৰ ছোছিয়েল কৰ্পৰেট ৰেচপণ্ডছিবিলিটিৰ অধীনত মোকলাই দিব লগা এই ধন ৰাশিৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আৰু কাছাৰ জিলাৰ স্বাস্হ্য খণ্ডৰ আন্ত:গাঁথনিৰ উন্নয়ণৰ বাবে আধুনিক যন্ত্ৰ ক্ৰয় কৰা হ'ব।

অহা ৮ মাহৰ ভিতৰত এই ধনেৰে সামগ্ৰী ক্ৰয় কৰি SMCH আৰু কাছাৰ স্বাস্হ্য বিভাগক হস্তান্তৰ কৰা হ'ব বুলি সদৰি কৰে জিলা উন্নয়ণ আয়ুক্ত ৰাজীৱ ৰয়ে। ইয়াৰ‌ বাবে প্ৰশাসনৰ হৈ তেওঁ পাৱাৰগ্ৰীড কৰ্তৃপক্ষক ধন্যবাদ জনায়।

পাৱাৰগ্ৰীডৰ শিলচৰ জ'নৰ ডি জি এম সুপ্ৰিয় পালে কয় যে, এই ধনৰাশিৰ তিনিটা ভাগত ব্যয় কৰা হ'ব। এটা কিস্তি কাছাৰ‌ জিলাৰ NRHMৰ অধীনত থকা চিকিৎসা সমূহৰ আন্তঃগাঁথনিৰ বাবে ব্যয় কৰাৰ বিপৰীতে আন এটা কিস্তি চিভিল হাস্পতালত থকা শিশু ৱাৰ্ড‌ আৰু শিশুসকলৰ বাবে ব্যয় কৰা হ'ব।

এই ধনৰাশিৰ ১ কোটি ৮১ লাখ টকা SMCH ৰ মেচিনসহ অন্যান্য সামগ্ৰী ক্ৰয় কৰাৰ বাবে ব্যয় কৰা হ'ব। পাৱাৰগ্ৰীডে প্ৰদান কৰিব লগা ছোনোগ্ৰাফি মেচিন, এণ্ডোস্কপিক মেচিন ছিএম মেচিনসহ অত্যাধুনিক এই সামগ্ৰীসমূহৰ‌ জৰিয়তে বৰাকৰ দুখীয়া ৰোগীসকলক চিকিৎসা প্ৰদানত যথেষ্ট সুবিধা হ'ব বুলি উল্লেখ কৰে SMCH ৰ অধ্যক্ষ ডা: ভাস্কৰ গুপ্তই।

পাৱাৰগ্ৰীডে কাছাৰ জিলাৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে দিব ৩.৯ কোটি...
কৃষকৰ বাবে বিশেষ প'ৰ্টেল মুকলি কৰিলে কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in