/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/87f86db8-90c7-4ed1-9fac-c01e3583bc5d/140.jpg)
ডিজিটেল সংবাদ,ৰঙিয়া : অভিভাৱকসকলে সন্তানৰ ভৱিষ্যত সম্পৰ্কে অযথা হেঁচা প্ৰয়োগ কৰিবলৈ নালাগে,কেৱল মাত্ৰ সন্তানৰ পঢ়াৰ প্ৰতি লক্ষ্য ৰাখি সময় দিয়ক। সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত অকল প্ৰতিযোগিতাৰ পিছত দৌৰিব নালাগে, তাতকৈ সন্তানৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত সমাজক সময় দিবলৈ ঘৰতে সৰুৰে পৰাই শিক্ষা দিব লাগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/d3530e7c-2e27-4756-9394-7e3e694ebb14/c889b152_952f_4150_a8d8_32a8ab043b13.jpg)
চাকৰিৰ আশামুখী হৈ কেৱল ভৱিষ্যত নিৰ্ধাৰণ কৰাতকৈ সমাজত আদৰ্শ ভাৱ ঘৰৰ পৰা জাগি উঠিবলৈ সন্তানৰ প্ৰতি ধ্যান ৰাখিবলৈ লাগে। এইদৰে ৰঙিয়াৰ চেপ্তিস্থিত চাৰ্চ পাব্লিক স্কুলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত আয়োজিত বাৰ্ষিক উৎসৱ "কনফ্লুৱেনচিয়া"ত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° অমৰজ্যোতি চৌধুৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ea35d195-0db8-494c-98d3-2775f2d2853b/33e84abc_581e_40f2_9256_94fdd6ffc28c.jpg)
প্ৰাক্তন উপাচাৰ্যগৰাকীয়ে শিক্ষানুষ্ঠানখনৰ বাৰ্ষিক উৎসৱৰ উপলক্ষে আয়োজিত বিভিন্ন ধৰণৰ শিক্ষাৰ্থীসকলে পৰিবেশন কৰা নৃত্য,কলা আদি প্ৰত্যক্ষ কৰি আত্মপ্ৰত্যয় ভাব আনিবলৈ সক্ষম হোৱা লগতে ভাষণত উল্লেখ কৰে । ইফালে ভাষণৰ শেষত প্ৰাক্তন উপাচাৰ্যগৰাকীৰ সুধাকণ্ঠক লৈ লিখা "এটা গান শেষ হ'ল" স্ব- ৰচিত কবিতাটি শিক্ষানুষ্ঠানৰ অনুগ্ৰহ মৰ্মে আবৃত্তি কৰে।
পুৱা ১০-০০ বজাত চাৰ্চ পাব্লিক স্কুলৰ অধ্যক্ষ সন্দীপ সেনে পতাকা উত্তোলন কৰা বাৰ্ষিক উৎসৱৰ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ড° শ্ৰীপৰ্ণা বৰুৱা । প্ৰাক্তন সঞ্চালকগৰাকীয়ে বিকশিত ভাৰতত যুৱসমাজৰ শক্তিয়েই সমাজৰ আটাইতকৈ ডাঙৰ শক্তি হিচাপে চিহ্নিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/9a23af6c-7f4e-49f8-8819-7045ccf62f07/42f4e1c8_2b11_4f30_8e73_a4bcc5028955.jpg)
সন্তানৰ চাকৰিৰ প্ৰতি জোৰজবৰদস্তি হেঁচা প্ৰয়োগ কৰিবলৈ নালাগে, দক্ষতা থাকিলে সকলো ক্ষেত্ৰতে উপনীত হ'ব পাৰি বুলি শিক্ষাৰ্থী- অভিভাৱকসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে । শনিবাৰে অনুষ্ঠিত এই বাৰ্ষিক উৎসৱত শিক্ষানুষ্ঠানখনৰ কেইবাগৰাকীও প্ৰয়াত প্ৰতিস্থাপকৰ প্ৰতি স্মৃতি তৰ্পণ কৰে। অনুষ্ঠানত সভাপতি বীৰেন্দ্ৰ নাথ শৰ্মা, উপাধ্যক্ষ প্ৰবাল চৌধুৰীকে ধৰি ছাত্ৰ ছাত্ৰীৰ,শিক্ষক তথা অভিভাৱক আৰু গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।
Also Read: বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত বড়ো শান্তি চুক্তি দিৱস উদযাপন