উদীয়মাণ কবি অলকেশ কলিতা আৰু নাই

'যোৱাবেলিৰ বসন্ত','নিস্ফল উৎসৱ,' 'পৰাস্মৃতি' আদি তেঁঁওৰ উল্লেখনীয় কাব্য সংকলন

author-image
Asomiya Pratidin
New Update
উদীয়মাণ কবি অলকেশ কলিতা আৰু নাই

ডিজিটেল ডেস্ক : উদীয়মাণ কবি অলকেশ কলিতা আৰু নাই। শুকুৰবাৰে দুৰ্ভাগ্যজনকভাৱে তৰুণ কবিজনে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। এই খবৰে শোকাহত কৰি তোলে সকলোকে।

Advertisment

অসমীয়া কাব্যজগতৰ এজন প্ৰতিশ্ৰুতিসম্পন্ন নবীন কবি আছিল অলকেশ কলিতা। তেঁওৰ কবিতাই কাব্যপ্ৰেমীৰ মাজত চৰ্চা লাভ কৰিছিল। তেঁওৰ এখন উল্লেখযোগ্য গ্ৰন্থ 'আৰু এটা বিধুৰ বেলা'।

ইয়াৰোপৰি 'যোৱাবেলিৰ বসন্ত','নিস্ফল উৎসৱ,' 'পৰাস্মৃতি' আদি তেঁঁওৰ উল্লেখনীয় কাব্য সংকলন। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪০ বছৰ।

Also Read: ভোটদানৰ অভিলেখঃ পুৱা ৯বজালৈকে যোৰহাটত ১৫ আৰু ডিব্ৰুগড়ত ১০শতাংশ ভোটদান...

poet assamese poem