/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/247768b1-5ff3-400b-9c19-3191cec8ec35/baruah.jpg)
ডিজিটেল ডেস্ক: মহানগৰীৰ বশিষ্ঠস্থিত গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ে ২দুদিনীয়াকৈ আয়োজন কৰা প্ৰীতি সন্মিলনখন শুকুৰবাৰে সামৰণি পৰে। ২৯ জুনত পতাকা উত্তোলন আৰু বৃক্ষৰোপণেৰে আৰম্ভ হোৱা এই প্ৰীতি সন্মিলনৰ অন্তিম দিনা মুকলি সভাত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a1fafce6-7f4b-4569-81fe-6bf802b169af/9288fa92_7183_4a32_b632_d9ce1066ac25.jpg)
অন্তিম দিনা সমবেত সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী নিৰুপমা ভট্টাচাৰ্যই। গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিচতে আমন্ত্ৰিত অতিথিসকলক বিদ্যালয়খনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত সামাজিক ন্যায় আৰু সৱলীকৰণৰ আয়ুক্ত, সমাজ কল্যাণ বিভাগৰ সঞ্চালককে প্ৰমুখ্যে কৰি কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ উপস্থিত আছিল।
অনুষ্ঠানতে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জনাই বিদ্যালয়খনে। দৃষ্টিহীনৰ বাবে তেখেতৰ প্ৰচেষ্টাত প্ৰকাশ কৰা আৰু বিশ্ব অভিলেখ সৃষ্টিকাৰী হেমকোষৰ ব্ৰেইল সংস্কৰণৰ প্ৰকাশে দৃষ্টিহীনসকলৰ বহু সমস্যা সমাধান কৰা বুলি উল্লেখ কৰে বিদ্যালয়খনৰ কৰ্তৃপক্ষই।
মুকলি সভাত দৃষ্টিহীন বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ গীতে-মাতে উপস্থিত সকলক মোহিত কৰে। হেমকান্ত শৰ্মা,কৃষ্টি মেধিৰ উপৰিও কণমানি ৰোহণ শিৱমৰ গীতে সকলোকে মোহিত কৰে। উক্ত সভাতে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰীতি সন্মিলন উপলক্ষে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলকো বঁটা বিতৰণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b0eea9dc-7c9a-4530-afe6-24eb46beb620/09f7b164_eed3_4404_87db_cc5257933c15.jpg)
উক্ত অনুষ্ঠানত অংশ লৈ দৃষ্টিহীনসকলৰ কাষত থাকি দায়বদ্ধতাৰে এই দায়িত্ব পালন কৰাৰ আশ্বাস দিয়ে জয়ন্ত বৰুৱাই। উল্লেখযোগ্য যে ১জুলাইৰ পৰা আৰম্ভ হ'ব গৰম বন্ধ। তাৰ প্ৰাক মূহুৰ্তত আয়োজিত এই অনুষ্ঠানত অংশ লৈ নিজৰ শৈশৱলৈ ঘূৰি যাই জয়ন্ত বৰুৱা।
সেই দিনবোৰৰ কথা ৰোমন্থন কৰি সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰগৰাকীয়ে কয়-" মই নিজৰ শৈশৱলৈ উভতি গৈছো আজি। গৰম বন্ধৰ এই দিনবোৰ বৰ আমেজ ভৰা আছিল। বিদ্যালয়ৰ বিভিন্ন কৰ্মসূচীৰ অভ্যাসনৰ লগতে বিভিন্ন খেল-ধেমালিত ব্যস্ত হৈ পৰিছিলো আমি এই দিনবোৰত। আত্মীয়ৰ ঘৰলৈয়ো ফুৰিবলৈ গৈছিলো।" এই অনুষ্ঠানত অংশ লোৱা আন বিশিষ্ট অতিথি সকলেও ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি চমু প্ৰেৰণামূলক ভাষণ আগবঢ়ায়।
মুকলি সভাত শলাগৰ শৰাই আগবঢ়াই বিদ্যালয়খনৰ শিক্ষক নৱ কুমাৰ ৰয়ে। জাতীয় সংগীত পৰিবেশনেৰে অন্ত পৰে এই মুকলি সভাৰ ।
Also Read: বেণ্ডিডোছ মটৰচাইকেল ক্লাবৰ বিৰুদ্ধে অভিযান : জব্দ গোলা-বাৰুদসহ গ্ৰেপ্তাৰ ৬ সদস্য