বড়ো সাহিত্য সভাৰ নদুৱাৰ প্ৰাথমিকৰ সোণালী জয়ন্তী সম্পন্ন

বড়ো সাহিত্য সভাৰ নদুৱাৰ প্ৰাথমিকৰ সোণালী জয়ন্তী সম্পন্ন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ জয়সিদ্ধিৰ দেলাইশ্ৰীৰ হেৰেম্বা খেল পথাৰত তিনি দিনীয়া কাৰ্য্যসুচীৰে আয়োজিত বড়ো সাহিত্য সভাৰ নদুৱাৰ প্ৰাথমিকৰ সোণালী জয়ন্তী বৰ্ষ সমাৰোহৰ সোমাবাৰে সফল সমাপ্তি ঘটে । সোণালী জয়ন্তী বৰ্ষ সমাৰোহ উপলক্ষে আজি অন্তিম দিনাৰ কাৰ্য্যসুচীত পুৱা পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৱে । ইয়াৰ পিচতে নদুৱাৰ প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি কমল সিং বসুমতাৰীয়ে সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ কাৰ্য্যসুচী সমুহৰ আত ধৰে এলংবাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মনিৰাম বসুমতাৰীয়ে ৷

মুকলি সভাৰ মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে বড়ো ভাষাৰে লিখিত " ন'দুৱাৰনি আগান" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি বড়ো ভাষা আৰু পৰম্পৰাগত সম্পদসমূহ সংৰক্ষণ কৰিব জানিলেহে নিজৰ জাতিৰ অস্তিত্ব ৰক্ষা পৰিব বুলি মন্তব্য কৰি বড়ো জনগোষ্ঠীৰ ভাষা আৰু কলা সংস্কৃতিৰ ইতিহাসৰ সন্দৰ্ভত আলোকপাত কৰে । মুকলি সভাৰ মঞ্চখনিত যুৱক-যুৱতী সকলে পৰিবেশন কৰা বড়ো, গোৰ্খাৰ লগতে বিভিন্ন সম্প্ৰদায়ৰ গীত, নৃত্য আদিৰ অনুষ্ঠানসমুহে সহস্ৰাধিক দৰ্শক ৰাইৰ মন আপ্লুত কৰে । নদুৱাৰ প্ৰাথমিক বড়ো সাহিত্য সভাৰ সোনালী জয়ন্তীবৰ্ষৰ আদৰনি সমতিৰ সভাপতি বিজয় কুমাৰ বড়ো আৰু সম্পাদক ৰাতুল বসুমতাৰীয়ে তিনি দিনিয়া কাৰ্য্যসুচী সমুহ সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ৰাইজলৈ ধন্যবাদ ও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷

বড়ো সাহিত্য সভাৰ নদুৱাৰ প্ৰাথমিকৰ সোণালী জয়ন্তী সম্পন্ন
গহপুৰৰ কবি-সাংবাদিক বিপুল কুমাৰ দিহিঙীয়ালৈ 'শব্দ যুৱ সাহিত্য সন্মান-২০২৪'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in