গহপুৰৰ কবি-সাংবাদিক বিপুল কুমাৰ দিহিঙীয়ালৈ 'শব্দ যুৱ সাহিত্য সন্মান-২০২৪'

গহপুৰৰ কবি-সাংবাদিক বিপুল কুমাৰ দিহিঙীয়ালৈ 'শব্দ যুৱ সাহিত্য সন্মান-২০২৪'

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰৰ তৰুণ প্ৰজন্মৰ এগৰাকী প্ৰতিষ্ঠিত কবি তথা সমালোচক, সাংবাদিক বিপুল কুমাৰ দিহিঙীয়ালৈ ২০২৪ বৰ্ষৰ 'শব্দ যুৱ সাহিত্য সন্মান' প্ৰদান কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যোৰহাটৰ অন্যতম সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান শব্দই। অসমৰ কেইবাগৰাকী যশস্বী সাহিত্যিকক লৈ গঠিত নিৰ্বাচক মণ্ডলীয়ে বিপুল কুমাৰ দিহিঙীয়াক তেওঁৰ সাহিত্য কৃতিৰ বাবে 'শব্দ যুৱ সাহিত্য সন্মান' প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

যোৰহাটৰ নকছাৰি শব্দ কৃষি পামত অহা ৯ ফেব্ৰুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ষষ্ঠ শব্দ ৰাষ্ট্ৰীয় সাহিত্য আৰু সংস্কৃতি উৎসৱত এই বঁটা প্ৰদান কৰা হ'ব। দেশৰ কেইবাগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট সাহিত্যিকে অংশগ্ৰহণ কৰিবলগীয়া সাহিত্য উৎসৱত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰিব। বিশেষকৈ এই ৰাষ্ট্ৰীয় সাহিত্য আৰু সংস্কৃতি উৎসৱত পাঞ্জাবৰ আন্তঃৰাষ্ট্ৰীয় সাহিত্যিক জে এছ আনন্দ, চিকিমৰ বীৰভদ্ৰ কাৰকিদলৈ, নেপালৰ প্ৰকাশ গৌতম, উৰিষ্যাৰ ড০ প্ৰসন্ন কুমাৰ দালাই, পশ্চিম বংগৰ উদয় থুলুঙকে ধৰি কেইবাগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্যিকে অংশগ্ৰহণ কৰিবলগীয়া ৰাষ্ট্ৰীয় সাহিত্য-সংস্কৃতি উৎসৱৰ ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া সামৰণি অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হ'ব বুলি শব্দ শৈক্ষিক ন্যাসৰ অধ্যক্ষ উজ্জ্বল পাওগাম আৰু শব্দ শৈক্ষিক ন্যাসৰ সচিব জিনতু ফুকনৰ স্বাক্ষৰিত এখনি প্ৰেছ বিজ্ঞাপ্তিৰ জৰিয়তে জানিবলৈ দিছে।

উল্লেখ্য যে সদ্য সমাপ্ত গুৱাহাটী চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাত অসমৰ দুগৰাকী বিশিষ্ট কবি-সাহিত্যিকে বিপুল কুমাৰ দিহিঙীয়াৰ শেহতীয়া এখন কাব্য সংকলন উন্মোচন কৰে। 'ত্ৰিকোণমিতিক পৃথিৱীত বুদ্ধ' নামৰ দুকুৰি সাতটি কবিতাৰে সমৃদ্ধ কাব্য সংকলনটি তেওঁৰ ১৬ বছৰ বিৰতিৰ পাছত তৃতীয়খন একক কাব্য সংকলন হিচাপে প্ৰকাশ পাইছে। গুৱাহাটীৰ অভিজাত প্ৰকাশন প্ৰতিষ্ঠান পাঞ্চজন্য বুকচে প্ৰকাশ কৰা বৌদ্ধিক সমাজত বহুলভাৱে সমাদৃত এই কাব্য সংকলনটিৰ কবিতাসমূহৰ সম্পৰ্কে ড০ আনন্দ বৰমুদৈ, ৰবীন্দ্ৰ বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট সাহিত্যিকে গ্ৰন্থখনিত চমু আলোচনা আগবঢ়াইছে।

জনপ্ৰিয় কবি নীলিম কুমাৰ আৰু লেখক শংকৰী সংস্কৃতিৰ গৱেষক ইছমাইল হোছেইনে আনুষ্ঠানিকভাৱে উন্মোচন কৰা বিপুল কুমাৰ দিহিঙীয়াৰ 'ত্ৰিকোণমিতিক পৃথিৱীত বুদ্ধ'ৰ পূৰ্বে ২০০৬ চন 'বুদ্ধ-যীশু আৰু অন্য কাব্য', ২০০৮ চনত 'নষ্ট চৰিত্ৰ ঈশ্বৰ আৰু কিছু কাব্য' নামৰ দুখন একক কাব্য সংকলন প্ৰকাশ পাইছে।

ইয়াৰোপৰি বিশিষ্ট কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ সম্পাদনাত বিশাল প্ৰকাশনৰ দ্বাৰা ২০১৯ চনত 'সৌহাৰ্দ্য' নামৰ এখনি তৰুণ প্ৰজন্মৰ পাঁচগৰাকী কবিৰ দহটাকৈ কবিতা সংকলিত হোৱা গ্ৰন্থত বিভিন্ন আলোচনী তথা কাকতত প্ৰকাশ পোৱা বিপুল কুমাৰ দিহিঙীয়াৰ দহটি কবিতা নিৰ্বাচিত কৰি প্ৰকাশ কৰিছে।

উল্লেখ্য যে বিপুল কুমাৰ দিহিঙীয়াই ছাত্ৰাৱস্থাতে ২০০০ চনত 'সমন্বয়' নামৰ এখনি তিনিমহীয়া শিশু আলোচনী সম্পাদনা কৰি প্ৰকাশ কৰে। ইয়াৰ পাছতে গুৱাহাটী আৰু নগাঁৱৰ পৰা প্ৰকাশ হোৱা 'প্ৰজ্ঞাশ্ৰী' নামৰ অন্যখন শিশু-কিশোৰ-কিশোৰীৰ আলোচনী সম্পাদনা কৰে। ২০১৩ চনৰ পৰা বহুলভাৱে প্ৰচলিত আৰু সমাদৃত মাহেকীয়া শিশু আলোচনী 'অকণিৰ জেউতি' নামৰ এখনি আলোচনীও সম্পাদনা কৰে। এগৰাকী সাংবাদিক তথা বিশিষ্ট কবি-সমালোচক হিচাপে পৰিচিত বিপুল কুমাৰ দিহিঙীয়াৰ ২০১১ চনত আদিতি প্ৰকাশনে 'ভক্তিবাদ' নামৰ এখনি প্ৰবন্ধ সংকলন প্ৰকাশ কৰি উলিয়ায়। এইগৰাকী লেখকৰ 'অংকৰ ধেমালি', 'বিজ্ঞানৰ ধেমালি', 'লুইতৰ পাৰৰ ৰণাংগিনী কনকলতা', 'ঢোলৰ সম্ৰাট মঘাই ওজা', 'ন'বেল বঁটা বিজয়ী ভাৰতীয়', 'চৰ্দাৰ বল্লভভাই', 'জনা-নজনা বিবিধ কথা', 'কুৰিগৰাকী ভাৰতৰত্ন'কে ধৰি পোন্ধৰখনতকৈয়ো অধিক শিশু উপযোগী গ্ৰন্থ গুৱাহাটীৰ কেইবাটাও অভিজাত প্ৰকাশন প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে।

ইয়াৰ উপৰি বিপুল কুমাৰ দিহিঙীয়াৰ যুটীয়া সম্পাদনাত 'ভাওনা সংস্কৃতি', 'বৰগীতৰ স্বৰলিপিঃ বিশ্লেষণ আৰু বৈচিত্ৰ্য', 'উত্তৰ-পূৰ্বাঞ্চলীয় বিবাহ পদ্ধতি'কে ধৰি কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে। এগৰাকী গ্ৰন্থ প্ৰকাশক হিচাপেও আত্মপ্ৰকাশ কৰা বিপুল কুমাৰ দিহিঙীয়াৰ ইতিমধ্যে বৌদ্ধিক সমাজত সমাদৃত হৈ পৰা সৃষ্টি প্ৰকাশে অসমৰ ভালেসংখ্যক বিশিষ্ট কবি-সাহিত্যিকৰ গ্ৰন্থ প্ৰকাশ কৰিছে।

বিশেষকৈ সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট কবি জ্ঞান পূজাৰী, কবি-সমালোচক ৰবীন্দ্ৰ বৰা, বিশিষ্ট কবি তথা সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰা, বিশিষ্ট কবি নগেন কোঞৰ, ড০ মনোৰমা বৰগোহাঞি, দিগন্ত গোহাঞি, লোকসংস্কৃতিৰ গৱেষক ড০ প্ৰবীণ শইকীয়া, লোকেশ্বৰী সন্দিকৈ, ডাঃ কৃষ্ণ কুমাৰ দে', সবিতা কোঞৰ, বৰ্ণালী কটকী ওজা, বিতোপন গগৈ, গজেন মিলি, তৰুণ বৰুৱা, অঞ্জু বৰা দত্ত, তপন বৰুৱা, অৰূপজ্যোতি নাথ উল্লেখযোগ্য। অসম সাহিত্য সভা, সদৌ অসম কবি সন্মিলন, নতুন সাহিত্য পৰিষদ আদি অনুষ্ঠানৰ পৰাও বঁটা লাভ কৰা এইগৰাকী যুৱ সাহিত্যিক বিপুল কুমাৰ দিহিঙীয়া গুৱাহাটীৰ পৰা প্ৰকাশিত ভাষা-সাহিত্য-সংস্কৃতিৰ মাহেকীয়া আলোচনী 'বাৰ্তাপখিলী'ৰ সহকাৰী সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।

উল্লেখ্য যে যোৰহাটৰ দকচিৰি-২৪ ৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলা, কৃষি মেলা, বাণিজ্য মেলা আৰু জনগোষ্ঠীয় খাদ্য মেলাতে বিশিষ্ট সাহিত্যিক সমালোচক ড০ আনন্দ বৰমুদৈক 'শব্দ সাহিত্য সন্মান', বিশিষ্ট অভিনেতা অৰুণ নাথক 'শব্দ সংস্কৃতি মহীৰূহ সন্মান', বিশিষ্ট কবি শ্বৰিফা খাটুনক 'শব্দ বঁটা', সংগীত শিল্পী জয়ন্ত নাথক 'শব্দ সংগীত সৌৰভ সন্মান' আৰু বিশিষ্ট কবি তথা লেখক অনিল পাংগিংক 'ৰিকিৰাম পাওগাম সাহিত্য সন্মান' এই বঁটা সমূহ শব্দ ব্যতিক্ৰমী অনুষ্ঠান ৰাষ্ট্ৰীয় সাহিত্য আৰু সংস্কৃতি উৎসৱত প্ৰদান কৰা হ'ব বুলি শব্দ শৈক্ষিক ন্যাসে জনাইছে।

গহপুৰৰ কবি-সাংবাদিক বিপুল কুমাৰ দিহিঙীয়ালৈ 'শব্দ যুৱ সাহিত্য সন্মান-২০২৪'
বালিপৰাত টেট উত্তীৰ্ণ শিক্ষক সমাজৰ অৱস্থান ধৰ্মঘট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in