হাটশিঙিমাৰীৰ সন্ধানহীন দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ...

অৱশেষত হাটশিঙিমাৰীৰ সন্ধানহীন দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ ৷ ক্ৰিকেট খেলি থাকোতে বল পৰিছিল পানীত ৷ বল আনিবলৈ গৈ এজন পৰিল মহাবাহু ব্ৰহ্মপুত্ৰত ৷ পানীত পৰাজনক বচাবলৈ গৈ ভাতৃয়েও জাঁপ দিলে নদীত ৷ তাৰ পিছতেই দুই ভাতৃ হৈছিল সন্ধানহীন
হাটশিঙিমাৰীৰ সন্ধানহীন দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ...

ডিজিটেল ডেস্কঃ অৱশেষত হাটশিঙিমাৰীৰ সন্ধানহীন দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ ৷ ক্ৰিকেট খেলি থাকোতে বল পৰিছিল পানীত ৷ বল আনিবলৈ গৈ এজন পৰিল মহাবাহু ব্ৰহ্মপুত্ৰত ৷ পানীত পৰাজনক বচাবলৈ গৈ ভাতৃয়েও জাঁপ দিলে নদীত ৷ তাৰ পিছতেই দুই ভাতৃ হৈছিল সন্ধানহীন ৷

এই ঘটনাৰ পিছতেই মূহুৰ্ততে লাগিল হুৱা-দূৱা ৷ ভাতৃদ্বয়ক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় নদীৰক্ষী বাহিনী ৷ দুয়োকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া হয় যদিও সোমবাৰে দুয়োজনকে মৃত ঘোষণা কৰে চিকিৎসকে ৷

খেল খেলিবলৈ গৈ এইদৰে পানীত পৰি মৃত্যুক সাবটি লোৱা দুই ভাতৃৰ নাম হৈছে দিলৱাৰ হুছেইন, গোলাম মোস্তফাৰ হুছেইন ৷ এই ঘটনাৰ পিছতেই এতিয়া অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

হাটশিঙিমাৰীৰ সন্ধানহীন দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ...
গুৱাহাটী বিমানকোঠ কৰ্তৃপক্ষই যাত্ৰীসকললৈ দিছে সুখবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in