অসম পৰ্বতাৰোহণ সন্থাক ডিগবৈ তেল শোধানাগাৰৰ উন্নতমানৰ নাওঁ অৰ্পণ…

অসম পৰ্বতাৰোহণ সন্থাক ডিগবৈ তেল শোধানাগাৰৰ উন্নতমানৰ নাওঁ অৰ্পণ…

ডিজিটেল ডেস্কঃ ভাৰতীয় তেল নিগমৰ ( আই অ' চি এল ) অধীনস্থ ডিগবৈ তেল শোধানাগাৰে অসম পৰ্বতাৰোহণ সন্থাক এখন অত্যাধুনিক প্ৰযুক্তিৰ উন্নত নাওঁ ( ৰাফট ) প্ৰদান কৰে। দুঃসাহসিক ক্ৰীড়াৰ প্ৰশিক্ষণৰ লগতে দুৰ্যোগৰ সময়ত দুৰ্গতজনক উদ্ধাৰ কৰিব পৰাকৈ সহায়ক হোৱা এই নাওঁখন কালি সন্থাৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে প্ৰদান কৰে ডিগবৈ তেল শোধানাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক তথা শোধানাগাৰটোৰ মুৰব্বী কিশোৰ কুমাৰ শৰ্মাই।

অসম পৰ্বতাৰোহণ সন্থাই বিগত সময়ত দুঃসাহসিক ক্ৰীড়াৰ লগতে বান সাহাৰ্য আৰু দুৰ্গতজনক উদ্ধাৰৰ সময়ত প্ৰশাসনক সহায় কৰি অহাৰ বাবে তেল শোধানাগাৰটোৱে সন্থাৰ সহায়ক হোৱাকৈ এই উন্নতমানৰ নাওঁখন প্ৰদান কৰে। অসম পৰ্বতাৰোহণ সন্থাৰ মুখ্য উপদেষ্টা সত্যন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত তেল শোধানাগাৰটোৰ মুখ্য মহাপ্ৰবন্ধক কিশোৰ কুমাৰ শৰ্মাই কয় যে, অসম পৰ্বতাৰোহণ সন্থাই কেৱল পৰ্বতাৰোহণৰ প্ৰশিক্ষণ আৰু দুঃসাহসিক ক্ৰীড়াৰ প্ৰশিক্ষণ দিয়াতে সীমাবদ্ধ নাথাকি বিভিন্ন সময়ত দুৰ্গতজনক সহায়ো কৰি আহিছে। ভাৰতীয় তেল নিগমে অসম পৰ্বতাৰোহণ সন্থাৰ কৰ্মত সহযোগ কৰিবলৈ পাই নথৈ আনন্দিত হোৱা বুলিও তেওঁ কয়। ইফালে সন্থাই এই নাওঁখন দুঃসহসিক ক্ৰীড়াৰ প্ৰশিক্ষণৰ উপৰি দুৰ্যোগৰ সময়তো ব্যৱহাৰ কৰিব বুলি প্ৰকাশ কৰে।

অনুষ্ঠানত নুমলীগড় তেল শোধানাগাৰৰ প্ৰাক্তন উপ- মহাপ্ৰৱন্ধক প্ৰণৱ কুমাৰ শৰ্মা, কামৰূপ মহানগৰ জিলা দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষৰ প্ৰকল্প বিষয়া কৌস্তভ তালুকদাৰ,জ্যেষ্ঠ সাংবাদিক নয়ন প্ৰতীম কুমাৰ আদিও উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in