নিশাৰ অন্ধকাৰৰ সুযোগ লৈ নাৱত অগ্নিসংযোগ দুৰ্বৃত্তৰ

নিশাৰ অন্ধকাৰৰ সুযোগ লৈ নাৱত অগ্নিসংযোগ দুৰ্বৃত্তৰ

ডিজিটেল ডেস্কঃ বৰপেটা জিলাৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰাচৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । বাঘমাৰাচৰ শিমলীতোলা পাৰঘাটত ৰখাই থোৱা এখন প্ৰকাণ্ড ভুটভুটি নাও জ্বলাই দিয়ে কোনো দুৰ্বৃত্তই।

পেট্ৰল ঢালি জ্বলাই দিয়ে নাওখন। জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় প্ৰকাণ্ড নাওখন ।একাংশ লোকে জুই নুমাবলৈ চেষ্টা কৰিও বিফল হয়। বুধবাৰে নিশা সংঘটিত হৈছে এই ঘটনা।

ভুটভুটি নাওখনৰ মূল্য লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে। নাওখনৰ গৰাকী শুকুৰ আলীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে আলোপতি চৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।

নিশাৰ অন্ধকাৰৰ সুযোগ লৈ নাৱত অগ্নিসংযোগ দুৰ্বৃত্তৰ
বিএছএফৰ গুলীত প্ৰাণ গ'ল চোৰাং গৰু সৰবৰাহকাৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in