গুৱাহাটীত আয়োজিত ৰক্তদান শিবিৰৰ বিশিষ্ট অতিথি হিচাপে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বতাধিকাৰীক আমন্ত্ৰণ

: ৰক্ত দান মহান দান! অহা ২০ নৱেম্বৰত গুৱাহাটীৰ ভাস্কৰনগৰস্থিত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা আয়োজন কৰা হৈছে এক ৰক্তদান শিবিৰ।

author-image
Asomiya Pratidin
New Update
সাদিন-প্ৰতিদিনগোষ্ঠীৰ  স্বত্বাধিকাৰ জয়ন্ত বৰুৱালৈ চ্যুকাফা সমন্বয় সাংস্কৃতিক বঁটা

jayanta baruah

ডিজিটেল ডেস্ক: ৰক্ত দান মহান দান! অহা ২০ নৱেম্বৰত গুৱাহাটীৰ ভাস্কৰনগৰস্থিত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা আয়োজন কৰা হৈছে এক ৰক্তদান শিবিৰ।'গড গিফটেড ফাউণ্ডেচন'' নামৰ সংস্থাটোৱে আয়োজন কৰা এই ৰক্তদান শিবিৰত মুকলি সভাৰ এক কাৰ্যসূচীৰো আয়োজন কৰিছে।

ৰক্তদান শিবিৰৰ আনুষ্ঠানিক শুভাৰম্ভণি কাৰ্যসূচীৰ মুকলি সভালৈ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছে প্ৰতিদিন-সাদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক।

উল্লেখ্য যে, এই বেচৰকাৰী সংস্থাটোৱে অসমৰ বিভিন্ন প্ৰান্তত জনহিতৰ বাবে কাম কৰি আহিছে। আৰু উক্ত দিনটোত সংস্থাটোৱে বৰুৱাৰ উপস্থিতি কামনা কৰিছে।

আৰু পঢ়ক: বাইক আৰু ট্রাকৰ মাজত সংঘৰ্ষ, থিতাতে নিহত এজন...

assam BLOOD DONATION CAMP